top of page

প্ৰেয়সী

  • Sahitya Chorcha
  • Jan 24, 2021
  • 1 min read

নাভাবিবি তই মোক ৰাধা বুলি নানাচোঁ মই তোৰ বাঁহীৰে সুৰত৷ হিয়া মৰম খুলি দিলো বুলিয়েই নলবি ভাবি মোক সত্যভামা বুলি৷ এচাটি পচোৱাই গছৰে পাত নচুৱাই সঘনাই৷ ধৰি নলবি তই দিয়া আঘাতক বুটলিম সদায়৷ অৰ্জুন গছৰে কুমলীয়া পাত বিনা মেঘে ব্ৰজপাত৷ সেই বুলিয়েই নসহিম মই তই কৰা পদাঘাত৷ ভালপাও বাবেই তোক সহি যাওঁ তোৰ কটাক্ষক৷ ভাৱি নলবি সদায়েই সহিম তোৰ মিছা অপবাদক৷ আহিবিনে সঁচাকৈ তই মোৰে জীৱনলৈ হৈ প্ৰেৰণা৷ ভয় লাগে তথাপিও জাননে পাওঁ যদি তোৰ প্ৰতাৰণা৷ প্ৰজ্ঞাচক্ষুৰে সাৱটিলো তোক মোৰ মনৰে অনুভৱতে৷ দুহাতেৰে বিলাই দিলোঁ মোৰেই ভালপোৱাক তোৰেই অভিমানতে৷

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page