top of page

পুৰুষৰ দৃষ্টিৰে

  • Sahitya Chorcha
  • Feb 19, 2021
  • 1 min read

জন্মিয়ে আইৰ কোলাতে নাম পালো বংশ ৰক্ষক; দোপত দোপে ডাঙৰ হৈ খোজে প্ৰতি সঁকিয়নি দায়িত্বৰ: সুকোমল কথাৰে আইয়ে গঢ় দিলে পুৰুষ নাগৰিক কৰি; বিবাহৰ পিছতহে আইয়ে হিয়াউজাৰি কান্দিলে মোৰ লৰাই অৱজ্ঞা কৰা বুলি: আই , তোৰ মৰমৰ ভোকাতুৰ আজিওতো মই! অনাথ নকৰিবি মোক মিছাতে সন্দেহৰ দৃষ্টি ৰাখি! সন্তানহৈ আহি তোৰ কোলাখন শুৱনি কৰিছিলোঁ; আলসুৱা তোৰ মৰমত সৰগতৃপ্তিৰে উমলিছিলো: এফালে পত্নীৰ শেনদৃষ্টি মাতৃক মৰম দিছো নেকি! আই তই জোখি মাখি থাক মৰম কমকে কৰিছো নেকি! আনে কি বুজিব তোৰ প্ৰতিপালনৰ মূল্য! সমস্ত সুখেও দাঙিব পাৰিব নেকি আইৰ তোৰ মমতাৰ সমতুল্য! পত্নীৰ বিনা নচলে মোৰ জীৱন ৰেখা! আই তোৰ অস্তিত্বৰ বিনা মোৰ জীৱন শূণ্যতাৰে ভৰা! পাৰ যদি এবাৰ মূৰত হাতখন ফুৰাবি! সংসাৰৰ কাইটিয়া পথবোৰ পাৰ কৰিবলৈ আশীৰ্বাদ কৰিবি; জীৱন থকালৈকে আই তোৰ সন্তান বুলিয়ে গৰ্বৰে চিনাকী দিম! হৃদয়ত তোৰ স্থান সদায়ে মধ্যত ৰাখিম

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page