top of page

প্ৰেয়সী বিহীন প্ৰেমিক মই

  • Sahitya Chorcha
  • Dec 31, 2020
  • 1 min read

ঐ মোৰ আপোন প্ৰেয়সী মোৰ হৃদয়ৰ ডায়েৰীত কতবাৰ, কতবাৰ লিখিলোঁ তোমাৰ নাম কিন্তু তুমি উমান ল’ব নাজানিলা মোৰ সমস্ত ভালপোৱাক সপি দি তোমাৰ নামত আজি যেন ভাগৰি পৰিছো মই প্ৰেমৰ পাশা খেলত, চাল্লা, স্বাৰ্থপৰ তুমি মোৰ সুখত সুখি হোৱাৰ দুখত দুখী হোৱাৰ সপোন দেখুৱাই ভাঙি পেলালা হেঁপাহৰ বালিঘৰ তুমি স্বাৰ্থপৰ প্ৰেয়সী।

নিতৌ চিঞঁৰি চিঞঁৰি কৈছিলা মোৰ সপোনৰ ভাজঁত তুমি তমসাৰ প্ৰহৰী হাঃ হাঃ তমসাৰ প্ৰহৰী,, এতিয়া তুমিয়েই দেখোন আপোন জনৰ সৈতে নতুন স্বপ্নত বিভূৰ‌ হৈ পৰিছা আৰু মই মই সুৰাৰ ৰাগীত মাতাল হৈ পৰা দুৰন্ত প্ৰেমিক।

নালাগে নালাগে তোমাৰ আপোন প্ৰেমিকৰ বতৰা পাহৰি পেলাইছো মই মোৰ প্ৰেয়সীৰ ঠিকনা মিছাতেই আজন্ম প্ৰেমিক হোৱাৰ সপোন দেখিছিলো,সেইয়া দেখোন বৃথা,, তুমি তোমাৰ পথত যোৱা আৰু মই মোৰ পথত তুমি বিলাতী ৰেষ্টুৰেন্টত বহিবা মই চিগাৰেটৰ ধোঁৱাৰ লগত সুৰাৰ আদ্দাত বহিম, ধেত,,চাল্লা, তুমি ক’ত মোৰ কথা শুনিবা তুমিনো কেতিয়া মোৰ দুচকুৰ মাজত থাকি মোৰ বুকুৰ উমান লৈছা ক’তনো বুজিবা মোৰ জীৱন গাথাঁ, নহয় নহয় তুমি মোৰ আপোন প্ৰেয়সী নহয় স্বাৰ্থপৰ তুমি, কলোৱেই দেখোন প্ৰেয়সী বিহীন প্ৰেমিক মই নালাগে মোক এপলক তৃষ্ণা নালাগে মোক প্ৰেমৰ আলিংগন লাগে মাথো সুৰাৰ চুম্বন।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page