প্ৰেম জনমে জনমে
- Jan 22, 2021
- 1 min read
হে উষা- তোমাৰ কাজলসনা দুচকুত নাচিছে সপোন হিয়াৰ দাপোনত জিলিকিছে সুন্দৰ কোঁৱৰৰ ছবি।
চিত্ৰলেখাৰ মায়াজালত বন্দী অনিৰুদ্ধৰ প্ৰেম পাশত আৱদ্ধ আজি উষাৰ দেহৰ প্ৰতিবিন্দু।
অগ্নিগড়ৰৰ সুকোমল শয্যাত শায়িত উষাৰ দেহত জাগে প্ৰেমৰ এক নিবিড় কামনা।
অনিৰুদ্ধৰ ৰূপে ৰোমাঞ্চিত কৰা মনৰ মাজত এক অনাবিল শিঁহৰণ।
গোপন অভিসাৰে উদঙাইছিল নেকি প্ৰেমৰ মহত্ব কিম্বা পবিত্ৰতা?
এজনৰ প্ৰতিবাদ অবৈধ প্ৰেমৰ বিৰুদ্ধে আনজনৰ সমৰ্থন নিজ নাতিৰ অনৈতিকতাক।
মহাযুদ্ধৰ পৰণতিত আজিও বিৰাজমান প্ৰেমৰ চানেকি অগ্নিগড় প্ৰেমৰ জয়ৰ প্ৰতীক হৈ হয়তো জিলিকিব চিৰদিন, চিৰকাল। মনত – প্ৰাণ।




Comments