top of page

প্ৰেমৰ সংগীত

  • Sahitya Chorcha
  • Dec 29, 2020
  • 1 min read

আহিবা এদিন জোনাক নিশা বুকুত প্ৰেমৰ বতৰা লৈ নৈৰ পাৰত বহি দুয়ো মিলি গণিম আকাশী তৰা। কপৌ চৰায়ে গাব প্ৰেমৰ গান শুনিম দুৰৈৰ পৰা।

মনৰ কথাবোৰ ক’ম তোমাক হিয়াখন নিৰল কৰি মলয়া বতাহে কৰিব ধেমালি দুয়োৰে ডিঙিত ধৰি।

সাঁতুৰি নাদুৰি উৰি ফুৰিব পানী কাউৰীৰ জাক চিকুণ পানীত ওপঙি ফুৰিব পানী পৰুৱাৰ জাক। জলকুঁৱৰী সাক্ষী হৈ ৰব দুয়োৰে প্ৰেমৰ গাথাৰ।

প্ৰেমৰ কথাবোৰ বুকুত সাৱটি গাম আৱেগৰ গীত মনৰ উলাহত হিয়াখনি জুৰাই দুয়ো সোঁতত উটি ফুৰিম।

উটি উটি যেতিয়া দূৰৈৰ ক’ৰবাত পৰিম গৈ দুয়ো মিলি শাঁত ল’ম সুবিশাল নীলিমাৰ তলত।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page