প্ৰেমৰ গভীৰতা
- Sahitya Chorcha
- Jan 8, 2021
- 1 min read
হয়তো আজি তোমাৰ মোলৈ মনত পৰা নাই।
কিন্তু মোৰ তোমালৈ মনত পৰিছে। এটা কথা কি জানা? সহজ নহয় এটা সম্পৰ্ক জীয়াই ৰখা। কিন্তু,,,তোমালৈ থকা মোৰ সতেজ প্ৰেমত জীৱনৰ কোনো প্ৰয়োজন নাই।
কাৰণ তুমি প্ৰতি ক্ষণে মোৰ হৃদয়ৰ আকুলতাত আছা।
বতাহেও দি যায় মোক তোমাৰ বতৰা । মোৰ প্ৰতিটো উশাহতো যে তুমিয়েই আছা ।
আৱৰি থৈছা তুমি মোৰ কলিজা খন আন একোৰে ঠাই নোহোৱাকৈ মাথোঁ তোমাৰ অজান মৰমে।
আচলতে কি জানা? “মোৰ বাবে প্ৰেম হল এক পূজা আৰু মোৰ প্ৰেমৰ মন্দিৰত তুমি মোৰ ঈশ্বৰ”
তুমি কি খাই ভাল পোৱা, কি পিন্ধি ভাল পোৱা তোমাৰ পছন্দ – অপছন্দ জনা মোৰ হেপাঁহ।
হয়তো এইয়াই মোৰ তোমালৈ থকা মৰম ।
মই পাহৰিলোঁ এতিয়া মই কি ভাল পাইছিলোঁ বা নাপাইছিলোঁ কাৰণ তোমাৰ প্ৰিয়টোৱে এতিয়া মোৰো প্রিয়।
এতিয়া মাথোঁ মোৰ মৃত শৰীৰত তুমি আত্মা হৈ ৰ’লা।
অথচ তুমি নাজানা তোমাৰ প্ৰতি থকা মোৰ প্ৰেমৰ গভীৰতা।
Comments