নিলিখোঁ মই প্ৰেমৰ হৃদয়ভগা কবিতা! শব্দবোৰে মূখথেঁকেচা খাই হুৱাদুৱা লগাব; আশাৰে ভৰা হৃদয়খন নিৰাশাত জাঁহ যাব! প্ৰেমৰ সংজ্ঞাত অভিনয়ে অধিকাৰ পাব; নুচুবা মোৰ আত্মাক প্ৰেমাস্পদ শব্দৰে; ভুলতে যদি মই ভাল পাই পেলাওঁ ৰাখিব পাৰিবাজানো আজীৱন বুকুৰ মাজত বান্ধিলৈ; সাগৰৰ ঢৌতো উঁটি নগৈ ময়ূৰীজনীৰ সৌন্দৰ্যতো বিমোহিত নহৈ; নাভাঙিবা মোৰ প্ৰেমানুভূতিৰ ধাৰণা! যুগ যুগ সাঁচি ৰখা সততাৰ সাধনা! চৰাই চিৰিকটি, কীট পতংগৰ জনম লৈও প্ৰেমৰ ভৰসাত উটিভাঁহি ফুৰিছিলো; মানৱ জীৱনতে সকলোবোৰ বিফল যেন দেখিলোঁ!! নালাগে মোক এনে কলুষিত প্ৰেমৰ হৃদয়গলা অভিনয়! কাঁচৰ তাজমহল বনাই অভিলাসি মনৰ বাৰে প্ৰতি চনচনাই ভঙা প্ৰেমৰ আলয়! মোৰ কলমেৰে নিগৰা নিৰস, নিস্কলুষ শব্দই মোৰ বাবে সুন্দৰ! যত নিজ প্ৰেমৰ অভিনয় নহয়; থাকিব নিৰসতাৰে ভৰা মানৱপ্ৰেমৰ শব্দ কিছুমান; যিয়ে ৰাখি যাব হৃদয়ৰ পৰা হৃদয়লৈ এটি নিস্বাৰ্থ প্ৰেমৰ নিজৰা! নকৰো এনে প্ৰেমৰ শব্দপ্ৰলয়! যত কলমেও বাৰে বাৰে থমকি ৰয়; হৃদয়ৰ স্পন্দনো বন্ধ হোৱাৰ উপক্ৰম হয়!!
top of page
The website is being updated and edited. Please share comments on contact page.
bottom of page
Commentaires