top of page

পাৰ্বতী বাই

  • Sahitya Chorcha
  • Jan 2, 2021
  • 5 min read

গভীৰ নিশাৰ নিস্তব্ধতাক নিউ নিউ কৈ চিঞৰা ফেঁচাৰ শব্দবোৰে অধিক ভয়াৱহ কৰি পেলাইছে। নীলাভ অহালৈ অতি অপেক্ষাৰে ৰৈ থকা নীলাঞ্জনাই ওপৰমুৱাকৈ বিচনাখনত পৰি , বাৰে বাৰে ভগৱানৰ নাম লৈছে। শুই থকাৰে পৰা অকণমানো লৰচৰ নকৰাকৈ চকু দুটাৰে ইফালে সিফালে চাইছে। হঠাৎ বাহিৰৰ পৰা অহা মেকুৰীৰ মাতত নীলাঞ্জনাই উচপ্ খাই উঠিল। শিতানতে থোৱা মোবাইলটো তাইৰ হাতখন লাগি বিচনাৰ তল পালেগৈ। হঠাৎ সেই সময়তেই বতৰে তীব্র ৰূপ ধৰি গুজৰি-গোমৰি, বৰষুণজাক নমাই আনিলে। বৰষুণ অহাৰ খবৰ পাইয়ে, অকণমানো পলম নকৰাকৈ কাৰেন্টটোৱেও বিদায় মাগিলে।

গোটেইখন আন্ধাৰ, মাজে মাজে খিৰিকীৰে অহা বিজুলীৰ পোহৰে নীলাঞ্জনাৰ চকুত চাট্ মাৰি ধৰিছে। ভয়ত অন্ঠ-কন্ঠ শুকাই যোৱাৰ উপক্রম হৈছে নীলাঞ্জনাৰ। হঠাৎ সঘনাই বাজি থকা কলিংবেলৰ শব্দত নীলাঞ্জনাই শুই থকাৰ পৰা উঠি বিচনাখনতে বহিল। বেৰত ওলমি থকা ঘড়ীটোলৈ চকু গ’ল তাইৰ। দহ বাজিবলৈ আৰু পোন্ধৰ মিনিট বাকী। :ইমান ৰাতিখন কোন হ’ব পাৰে, নিশ্চয় নীলাভ আহিছে। মনতে কথাবোৰ ভাৱি ভাৱি বিচনাখনৰ পৰা নামি থিয় হ’ল নীলাঞ্জনা। কিন্তু তাইৰ মোবাইলটো ক’ত?

আন্ধাৰতে ভয়ে ভয়ে বিচনাৰ তলৰ পৰা মোবাইলটো তুলিবলৈ বুলি খেপিয়াই চালে তাই। হঠাৎ হাতখনৰ ওপৰেদি এইমাত্র কিবা এটা যেন বগাই গৈছে। ভয়তে চিঞৰি উঠিল নীলাঞ্জনা। হাতেৰে তুলি অনা মোবাইলটো বিচনাখনতে পৰিল। বিজুলীৰ পোহৰত তাই দেখিলে, এটা নিগনি তাইৰ ভৰিৰ কাষেৰেই পাৰ হৈ গৈছে। হয়তো সেই নিগনিটোৱে তাইৰ হাতত বগাইছিল। মনত অসীম সাহস গোটাই মোবাইলটো আৰু চুৰীখন হাতত লৈ দুৱাৰখনৰ ফালে এখোজ-দুখোজকৈ আগুৱাই গ’ল নীলাঞ্জনা। দুৱাৰখনৰ ওচৰ পাই ভিতৰৰ পৰাই চিঞৰিল তাই। তাইৰ চিঞৰত বাহিৰৰ পৰা প্ৰত্যুত্তৰ আহিল, :মই, পাৰ্বতী। দুৱাৰখন খোলাচোন বোৱাৰী। পাৰ্বতীৰ মাত শুনি নীলাঞ্জনাৰ ভয়টো অলপ কমিল। পাৰ্বতী, নীলাঞ্জনাহঁতৰ ভাড়াঘৰটোৰ পৰা অলপ আঁতৰতে থাকে।

চাকৰিসূত্ৰে স্বামীৰ সৈতে নগাঁওলৈ আহিব লগা হোৱাত নৱ-বিবাহিতা নীলাঞ্জনাই আপত্তি কৰিছিল, কিয়নো তাই বৰ ভয়াতুৰ। নীলাভ নাথাকিলে তাই অকলশৰে থকাটো তাইৰ সপোনৰো অগোচৰ। কিন্তু , নীলাভৰ মাকে নীলাঞ্জনাক বাৰে বাৰে কৈছিল, :বুজিছা, বোৱাৰী। তুমি তাৰ লগত যাব’ই লাগিব , কাৰণ সি পানী এগিলাচকে নিজে লৈ নাখায় গতিকে তাত সি নিজৰ দ্বায়িত্ব ল’ব নোৱাৰিব। তুমি তাৰ লগত যাবা। আমাক চাবলৈ ডাঙৰ বোৱাৰী আৰু ডাঙৰ বাবা আছেই গতিকে আমাৰ কথাও চিন্তা কৰিব নালাগে। মাজে মাজে আহি থাকিবা। নীলাভৰ মাকৰ কথা এৰাব নোৱাৰি নীলাভলৈ বিয়া হৈ অহাৰ এমাহৰ পাছতেই নীলাভৰ সৈতে নীলাঞ্জনা নগাঁওলৈ আহিছিল। আৰু নীলাভৰ মাকৰ কথামতেই নীলাভৰ অনুপস্থিতিত পাৰ্বতীয়েই নীলাঞ্জনাৰ সংগী হৈছিল। পাৰ্বতীয়ে দিনটো ইটো-সিটো কাম কৰি নীলাঞ্জনাক সহায় কৰি দিয়ে আৰু নীলাঞ্জনাইও পাৰ্বতীক বৰ আদৰ-যত্ন কৰে।

প্ৰায় দহদিনমান পাৰ্বতী নীলাঞ্জনাহঁতৰ ঘৰলৈ অহা নাই। নীলাভ আৰু নীলাঞ্জনাই খবৰ কৰি গ’ম পাইছিল যে পাৰ্বতীৰ অসুখ। জ্বৰত একেবাৰে মানুহজনী দুৰ্বল হৈ পৰিছে। সেইয়ে আজি নীলাভ অফিচৰ পৰা আহোঁতে পাৰ্বতীৰ ঘৰত সোমাই আহিম বুলি নীলাঞ্জনাক কৈ গৈছে। কিন্তু হঠাৎ এই মধ্য ৰাতি পাৰ্বতীৰ মাতত নীলাঞ্জনা আচৰিত হ’ল। :বোৱাৰী , অ’ বোৱাৰী। পাৰ্বতীৰ মাতত নীলাঞ্জনাৰ চিন্তাৰ আঁতডাল ছিঙিল। তাই পলম নকৰাকৈ দুৱাৰখন মেলি দিলে। ল’ৰালৰিকৈ পাৰ্বতী সোমাই আহিল। এইমাত্র ইমান ডাঙৰ বৰষুণজাক দি গ’ল, অথচ পাৰ্বতীৰ গাত অকণমানো পানীৰ টোপাল নেদেখি নীলাঞ্জনা আচৰিত হ’ল। :বাই, তুমি ইমান ৰাতিখন কিয় আহিলা? তোমাৰটো গা-বেয়া আছিল। আজি নীল তোমাৰ ওচৰত সোমাই অহাৰ কথা। মই ভাৱিছিলো তেওঁ তোমালোকৰ ঘৰত আছে আৰু সেইয়ে অহাত ইমান দেৰি হৈছে কিন্তু…. নীলাঞ্জনাৰ কথা শেষ হ’বলৈ নাপাওঁতেই পাৰ্বতীয়ে টপৰাই মাতিলে, :অ’ নীল বাবা আমাৰ ঘৰতে আছে। মই গুছি আহিলোঁ। ইমানদিন তোমাক দেখা নাই, ভাৱিলোঁ ইমান বতাহ বৰষুণ তুমি ভয় কৰিবা। সেইয়ে মই গুছি আহিলোঁ।

পাৰ্বতীৰ কথাবোৰ শুনি নীলাঞ্জনাই পাৰ্বতীৰ মুখলৈ ৰ’ লাগি চাই থাকিল। তেজৰ একো সম্পর্ক নাই, অথচ ইমান আন্তৰিকতা। সঁচাই এই সহজ সৰল মানুহবোৰৰ অন্তৰখন নিভাঁজ মৰম-স্নেহেৰে ভৰপূৰ। :বোৱাৰী কি ভাৱি আছা? তুমি ছাগে একো খোৱাই নাই। নীল বাবা আহিব বুলিয়ে ৰৈ আছা? ব’লা কিবা এটা খাই ল’বা, নীল বাবা অহা অলপ পলম হ’ব। পাৰ্বতীৰ কথাতহে নীলাঞ্জনাই ভাৱিলে,তাই যে খাবলৈ একো ৰন্ধাই নাই। সদায় নীলাভ অহাৰ পাছতহে তাই পাকঘৰত সোমায়। আজিও তেনেদৰে ৰৈ আছিল, কিন্তু হঠাৎ অহা বতাহ-বৰষুণজাকে সকলো খেলিমেলি লগাই দিলে। কিন্তু নীলাভ অহা পলম হ’ব বুলি পাৰ্বতীয়ে কেনেকৈ জানিলে। কথাবোৰ ভাৱি ভাৱি নীলাঞ্জনাই পাৰ্বতীৰ পাছে পাছে গৈ পাকঘৰত সোমালেগৈ। পাৰ্বতীয়ে ইতিমধ্যেই কিবা কিবি ৰান্ধিবলৈ আৰম্ভ কৰিছে, নীলাঞ্জনাই পাচলিকেইটাকে কাটি দিবলৈ বুলি ফ্ৰিজৰ পৰা পাচলিকেইটা উলিয়াই ল’লে। :বাই, তুমি গাটো অলপ ভাল পাইছা নে? :কিনো ভাল বেয়া আৰু এই বেয়া এই ভাল । ৰাখে হৰি মাৰে কোনে, বোলে মাৰে হৰি ৰাখে কোনে। বুজিছা বোৱাৰী, ওপৰৰ জনে বিচাৰিলে আমি একো কৰিব নোৱাৰোঁ।

পাৰ্বতীৰ কথাবোৰ শুনি নীলাঞ্জনাই নাহাঁহি নোৱাৰিলে। বৰ ৰসাল মানুহজনী, কথাই কথাই নিজেও হাঁহে আনকো হঁহোৱাই ভালপায়। পাৰ্বতীয়ে ইতিমধ্যে সকলোখিনি খোৱাৰ যোগাৰ কৰিলেই। নীলাঞ্জনাই নীলাভ অহালৈ ৰওঁ বুলি কোৱাত পাৰ্বতীয়ে আপত্তি কৰিলে। :তুমি, খাই লোৱা। তাৰবাবে ৰৈ থাকিলে তোমাৰ পেট মৰিব। পাৰ্বতীয়ে নেৰানেপেৰাকৈ লাগি থকাত মন নথকা স্বত্বেও নীলাঞ্জনাই ভাত কেইটা খাই ল’লে। পাৰ্বতীয়েও তাৰ পৰা লাহেকৈ বিদায় ল’লে। নীলাঞ্জনাই, পাৰ্বতীয়েনো নীলাভ অহা দেৰি হ’ব বুলি কেনেকৈ জানিলে সেই কথা সুধিম সুধিম বুলিও মনতেই ৰৈ গ’ল। পাৰ্বতী হঠাৎ ৰাতিখন আহি ওলোৱা,আৰু তাইৰ অদ্ভুত আচৰণবোৰে নীলাঞ্জনাক আচৰিত কৰিলে।

বিচনাতে পৰি নীলাভলৈ বুলি ফোনটো লগালে নীলাঞ্জনাই। বহু সময় ফোনটো ৰিচিভ নকৰিলে নীলাভে। বাৰে ৰকমৰ চিন্তা বোৰে আমনি কৰিলে নীলাঞ্জনাক। হঠাৎ বাজি উঠা নীলাভৰ ফোনটোৱে নীলাঞ্জনাৰ চিন্তাত ব্যাঘাত জন্মালে। অকণো পলম নকৰাকৈ ফোনটো ৰিচিভ কৰিলে তাই, :নীল, ইমান সময় ফোনটো ৰিচিভ নকৰিলা যে। জানানে তুমি, কিমান চিন্তা হৈছে মোৰ। :বুজিছো নীলা। অথনিৰে পৰা তোমালৈ ফোন লগাই আছো। বৰ বেয়া খবৰ এটা আছে নীলা, অলপ সময়ৰ আগতে পাৰ্বতী বাই ঢুকাইছে। মই তেওঁলোকৰ ঘৰতেই আছো। তুমি চিন্তা নকৰিবা নীলা, মই সোনকালেই গৈ আছো। :কিন্তু, নীল এইমাত্র পাৰ্বতী বাই ইয়াৰ পৰা গৈছে। দুয়ো একেলগেই ভাত খাইছো। :তোমাৰ সেইয়া ভ্ৰম হৈছে নীলা। অলপ সময়ৰ আগতে পাৰ্বতী বাই ঢুকাল আৰু এইমাত্র তেওঁক অন্তিম সৎকাৰ কৰিবলৈ নিয়া হৈছে। আচলতে তেওঁৰ আমাৰ প্ৰতি থকা আন্তৰিকতাবোৰৰ বাবে আমি সহজে পাহৰিব নোৱাৰিম, হয়তো তুমি তেওঁৰ কথা ভাৱি আছিলা । সেইয়ে তেওঁ তোমাৰ কাষত থকাৰ দৰেই অনুভৱ কৰিছা। কিন্তু তেওঁ তালৈ যোৱাটো অসম্ভৱ নীলা।

নীলা.. নীলা… শুনি আছানে তুমি…. সিপিনৰ পৰা নীলাভে চিঞৰি থাকিল, কিন্তু নীলাঞ্জনাই তাক কিবা ক’ম বুলিও যেন পৰা নাই। চকুৰে অন্ধকাৰ দেখিছে তাই। তাই নীলাভৰ কথাকেই বিশ্বাস কৰিবনে, নিজৰ চকুৰ সন্মুখত দেখাবোৰকেই বিশ্বাস কৰিব। বুকুৰ ঢপঢপনিবোৰ দুগুণে বাঢ়ি গ’ল তাইৰ। ভিতৰৰ সকলো বস্তু কিবা অচিনাকী যেন লাগিছে। হঠাৎ খিৰিকীৰ ফালে চকু গ’ল তাইৰ, কোনোবাই যেন খিৰিকীৰ সন্মুখত ৰৈ তাইলৈ ৰ’ লাগি চাই আছে। কিবা এটা কাণৰ কাষেৰেই ধপ্ ধপাই উৰি যোৱা যেন অনুভৱ কৰিলে তাই। ভগৱানৰ নাম স্মৰণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছে। কিন্তু তাইৰ মুখত ভগৱানৰ নামৰ সলনি উচ্চাৰিত হৈছে মাথো, পাৰ্বতী বাই,পাৰ্বতী বাই…ফোনটো লৈ নীলাভলৈ বাৰে বাৰে ফোন লগালে কিন্তু সিপিনৰ পৰা মাথো এটাই উত্তৰ, :আপুনি ডাইল কৰা নম্বৰটো সংযোগ সীমাৰ বাহিৰত আছে….. বিচনাৰ পৰা নামি কোঠাটোৰ দুৱাৰখন খুলি তীব্র জোৰে দৌৰিবলৈ ধৰিলে তাই। গেটৰ সন্মুখতেই নীলাভৰ গাড়ীৰ সন্মুখত ছিটিকি পৰিল নীলাঞ্জনা। ভাগ্য ভাল আছিল, নীলাভে জোৰেৰে ব্ৰেক মাৰি গাড়ীখন ৰখাই দিলে। গাড়ীৰ পৰা নামি নীলাভ নীলাঞ্জনাৰ কাষ পালেগৈ,

:নীলা,কি হ’ল নীলা।এনেদৰে দৌৰি দৌৰি ক’ত যোৱা? :মোক ইয়াৰ পৰা লৈ যোৱা নীল।মই ইয়াত থাকিব নোৱাৰিম ,মোক লৈ যোৱা….. ফোঁপাই ফোঁপাই কথাকেইটা কৈ শ্বাসৰূদ্ধ হৈ পৰি ৰ’ল নীলাঞ্জনা। অৱচেতন নীলাঞ্জনাক লৈ ভিতৰলৈ বুলি যাবলৈ লওঁতেই নীলাভৰ চকুত পৰিল, সিহঁতৰ কোঠাটোৰ সন্মুখতেই পৰি থকা পাৰ্বতী বাইৰ ৰঙা ৰঙৰ শাৰীখন। এই শাৰীখন অলপদিনৰ আগতে নীলাভেই পাৰ্বতী বাইক আনি দিছিল। নীলাঞ্জনাৰ শাৰীখন বৰ পছন্দ হৈছিল আৰু সেইয়ে পাৰ্বতীয়ে প্ৰায়ে নীলাঞ্জনাক কৈছিল, :বোৱাৰী, মই মৰি যোৱাৰ আগত এইখন তইয়ে লৈ ল’বি দে। পাৰ্বতীৰ কথা শুনি নীলাভে হাঁহিছিল,আৰু নীলাঞ্জনাই অভিমান কৰি কৈছিল, :তুমি কেতিয়াও মৰিব নোৱাৰা পাৰ্বতী বাই। নীল ঘৰৰ পৰা ওলালে মোৰ কথা পাহৰিয়ে যায়। তুমি গুছি গ’লে মইনো কাৰ লগত থাকিম।

কথাবোৰ মনত পৰি নীলাভৰো কিবা ভয় ভয় যেন অনুভৱ হ’ল।পাৰ্বতী বাইৰ কথাবোৰ মনত পৰি মনতো সেমেকি উঠিল। নীলাঞ্জনাক লাহেকৈ বিচনাখনত শুৱাই পানী অলপ ছটিয়াই দিলে সি। হঠাৎ হোৱা আচৰ্যজনক পৰিস্থিতিত তাই চেতনা হেৰুৱাই পেলাইছিল। পুনৰ আগৰ অৱস্থালৈ অহাতহে নীলাভৰ চিন্তা কমিল। :নীল, সম্পর্কবোৰ বৰ আচৰিত নহয় নে? তেজৰ সম্পর্ক থাকিলেও কেতিয়াবা আপোনজনে আপোনজনৰ শত্ৰু হৈ পৰে আৰু ক’ৰবাৰ অচিন অজান মানুহো কেনেকৈ যে চিৰস্থায়ী হৈ হৃদয়ত ৰৈ যায় চিৰদিনৰ বাবে। নীলাঞ্জনাৰ মাততহে নীলাভে তাইলে চালে। :সঁচাই, নীলা। তুমি ঠিকেই কৈছা,সম্পৰ্কবোৰ আচলতে তেজৰ নহয় হৃদয়ৰ। হৃদয়েহে বিচাৰি পাই আপোনত্বৰ সঠিক ঠিকনা। সেইয়ে হৃদয়বিহীন মানুহে কেতিয়াও সঁচা সম্পৰ্ক গঢ়িব নোৱাৰে। নীলাভৰ বুকুৰ মাজত কুঁচি-মুচি সোমাই পৰিল নীলাঞ্জনা। পাৰ্বতী বাইৰ ঘটনাটোত ,তেওঁক হেৰুৱাই যদিও দুয়োৰে মন সেমেকি পৰিছে। তথাপিও পাৰ্বতী বাইৰ নিঃস্বার্থ মৰম আৰু ভালপোৱাবোৰে সিহঁতক চিনাকী কৰি দিলে, সম্পর্কৰ প্ৰকৃত ঠিকনা।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page