ৰ’দজাক বৰ তপত দেই গৈছে শৰীৰৰ শুকান চালবোৰ।
এজাক বৰষুণ অহা হেতেন শাঁত পৰিল হেঁতেন শৰীৰটো।
দুৰৈত শুনিছোঁ চাতকৰ বিননি হয়তো বৰষুণ অহাৰে আগজাননী।
সোনালী শইচেও ৰইছে আশাপালি ধাৰাষাৰ বৃষ্টিৰ আগমনলৈ প্ৰাণ সঞ্চাৰিত হ’ব বুকুত।
বসুমতিয়ে ধাৰণ কৰিব শক্তি বুকুত ৰুপিত হ’ব জীৱনৰ গঢ়াৰ সপোন।
আশাৰ কঠিয়াই পোখা মেলিব পূৰ্ণ হ’ব হৃদয়।
#assamesekobita #assamesepoetry #Purnahbohriday #SahityaChorcha