top of page

প্ৰতিযোগিতা দৌৰ

  • Sahitya Chorcha
  • Jan 21, 2021
  • 1 min read

ঘোষিত বা অঘোষিত প্ৰতিযোগিতাৰ মাজত বন্দী আজি আমাৰ জীৱন

জ্ঞাতে বা অজ্ঞাতে আমি ধাবিত হৈছোঁ সীমাহীন প্ৰতিযোগিতাৰ ফালে

ভাল বা বেয়া চোৱাৰ সময় নাই মোৰ কাষৰ জন দৌৰিছে মইও দৌৰিছোঁ

প্ৰকৃতিৰ নিয়ম চিঙি আমি বাউল হৈছোঁ আমাক ৰক্ষা কৱচ প্ৰকৃতিক নিজ হাতেৰে ধ্বংস কৰিছোঁ

অনন্ত প্ৰতিযোগিতাত নিজকে শ্ৰেষ্ঠতম বুলি জাহি কৰিবলৈ নিকৃষ্ট পথ ল’বলৈ কুণ্ঠাবোধ কৰা নাই

কাৰোবাৰ বুকুত আঘাত সানি কাৰোবাৰ বুকুত জীয়া জুই জ্বলাই অতহাস্য কৰিছোঁ

আমি কেৱল দৌৰিছোঁ দৌৰিছোঁ … দৌৰিছোঁ… আমাৰ সম্মুখত কেৱল প্ৰতিযোগিতাৰ দৌৰ

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page