প্ৰতিবাদ
- Sahitya Chorcha
- Jul 5, 2021
- 1 min read
মোৰ অনুপ্ততৰ নাম প্ৰতিবাদ মোৰ কোনো আকাৰ নাই মোৰ কোনো বৰণ নাই মোৰ কোনো সাজ নাই মোৰ কোনোধম্ম নাই, মোৰ প্ৰতিবাদ গণতন্ত্ৰৰ মোৰ প্ৰতিবাদে মোৰ আঙুলিত পিৰপিৰাই য’ত ভুল,অন্যায়,অবিচাৰত। মোৰ মন-মগজু স্বীকাৰ কৰে জনগনই য’ত বিন্দু হৈ মাতমাতে কাৰণ তাতেই মই সপোন সজাওঁ নাম যাৰ প্ৰতিবাদী, মই যেতিয়া চিঞৰ মূখি হৈ পৰো অৱগুণ্ঠ অতৰাই আইয়ে হিয়া ঢকিয়াই কান্দে যাৰ নাম প্ৰতিবাদী। প্ৰতিবাদে আজুৰি আনিম বিশ্বৰ বিজয়িনী শক্তি মোৰ কণ্ঠ সত্বাই জিনিব আকাশ পাতিম অকৃত্ৰিম সুখৰ উৎসৱ মই যুঁজি যুঁজি জীয়াই থাকিম।
Comments