তুমি-মই গোৱা গীতবোৰ ধুমুহাৰ ডেউকাত উৰি গুচি গ’ল থাকি গ’ল কোনোবা সিপাৰে পৰি, হুমুনিয়াত পমি গ’ল নিয়তিৰ চকুলো নোৱাৰিলোঁ ৰাখিব ধৰি ৷
মেঘৰ কুঁৱলী ফালি উৰি গুচি গ’ল, ডুখৰীয়া হাঁহি সাঁচি থব নোৱাৰিলোঁ মোৰ কলিজাত ফুলা ফুল পাহি৷ ঢাকি থলোঁ মাথোঁ দুচকুৰ এধাৰি লোটক৷ চকুৰ পানীৰে মচিথব নোৱাৰিলোঁ মোৰ জীৱন বাটৰ খোজ৷
বুকুত ঘাঁ লৈ কিমান বজাম বাঁহী বৈ যায় চকুলোৰ ধাৰ, অজস্ৰ বাৰিষাই বুৰাই পেলায় মোৰ মন নদীৰ পাৰ৷
মাটিৰ চাকিত শলিতা জ্বলাই থাকি পামনো কি, তুমি নাই মোৰ কাষত , কোনে দিব আজি একাজলি পানী মোৰ মৰহি যোৱা মনৰ মাজত?
তোমাৰ মৃত্যু দিন ধৰি অকণো ভাল লগা নাই মোৰ ৰাতি সদাই দেখোঁ তোমাৰ সপোন , য’তে আছা তুমি কুশলে থাকিবা মোৰ সোণ!
তুমি আকৌ উভতি নহা কথা ভাবিলে ভাগি যায় বুকু মোৰ শোকত, অবুজন মনে মোৰ বুজনি নামানে তুমি ঘূৰি অহাৰ আশাত বাট চাই-থাকে, তোমাৰ মৃত্যুত দিনা ওলায় যোৱা মোৰ পদূলী মুখত৷
Comments