top of page

প্রতিবাদ

  • Sahitya Chorcha
  • Jan 23, 2021
  • 1 min read

আন্ধাৰৰ বিৰূদ্ধে প্রতিবাদ কৰি নিয়ন লাইটবোৰ ওৰেৰাতি জ্বলি থাকে

ডাঠ কাগজৰ একুৰা জুইৰ চাৰিওফালে জাৰৰ বিৰূদ্ধে এজাক মানুহ! ফুটপাথত এমুঠি অন্ন আৰু এডোখৰ বস্ত্রৰ বাবে জীৱনবোধৰ প্রশ্ন তুলি ঈশ্বৰৰ বিৰুদ্ধে প্রতিবাদ

ঠেৰেঙালগা জাৰত হেজাৰ প্রতিবাদ নেওচি বস্ত্রহীন দেহবোৰে দেহৰেই উত্তাপ বিচাৰি হাঁহাঁকাৰ কৰি উঠে!

কঁৰালবন্ধা পেটৰ ভোকৰ বিপৰীতে পূৰ্ণ হয় মনৰ ভোক দিনৰ পোহৰত জাতি মাটি ভেটি বিচাৰি এজাক ভূমিপুত্রৰ প্রতিবাদৰ শ্ল’গান লাগে প্রাপ্তিৰ বিপৰীতে প্রাপ্যৰ অধিকাৰ কঁপি উঠে ৰাজপথ কঁপি উঠে ৰাজসভা চলে মন্ত্রণা , আহে চৰকাৰী আঁচনিৰ প্রলোভন পুনৰ এক নতুন প্রতিবাদৰ জোৱ|ৰ উঠে অধিকাৰ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ

এনেদৰেই চলি থাকে বঞ্চনাৰ বিৰূদ্ধে প্রতিবাদ আৰু প্রতিবাদৰ বিপৰীতে প্রৱঞ্চনা…! এনে বহু বঞ্চনাৰ বিৰূদ্ধে হোৱা প্রতিবাদক ভেঙুচালি কৰি হাতত ভিক্ষাৰ পাত্র লৈ জীৱন বৈতৰণি পাৰ কৰা মাতৃৰ কাষতে কণমানিয়ে দেখে জীৱন গঢ়াৰ সপোন।। (স্থান :গুৱাহাটী ৰাজপথ)

কাঠগৰাত থিয় দি ৰয় ৰজা মহাৰজা অথবা ঈশ্বৰ।।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page