top of page

প্রকৃতি আৰু মানুহ

  • Sahitya Chorcha
  • Jun 6, 2021
  • 1 min read

প্রকৃতিৰ দাসত্বত মানুহৰ গতিশীল জীৱনবোধ । মানুহৰ জীৱন গাঠা দাসত্বৰ এনাজৰীৰে বান্ধ খাই থাকে বিশাল আকাশৰ চিলাখন হৈ । জীৱন আলোকিত কৰাৰ হেঁপাহবোৰ প্ৰকৃতিৰ বুকুত বিচাৰি পাওঁ । জীৱনৰ গতিশীলতা আনে ধৰিত্ৰীৰ সেউজীয়া ৰূপে ।আশাবোৰ পুৰঠ হয় অপৰূপ ধৰিত্ৰীৰ বুকুত আমি মানুহ ? নদ- নদী পাহাৰ ভৈয়াম সকলোতে আমি সভ্যতা সংস্কৃতি বিচাৰি পাওঁ । অৰণ্যত জনাৰণ্য গঢ়া মানুহ আমি বোৱতী নদীৰ বক্ষ বিদাৰি জীৱন গতিশীল কৰাৰ সপোন দেখো । যাদৱ পায়েঙৰ দুচকুৰ বন্যাত। এদিন বালি চাপৰি সেউজীয়া হল । সেউজীয়াবোৰ গাড় হলে আশাবোৰ বাস্তৱ হব । ধৰিত্ৰীয়ে নিৰ্মল উশাহ ললে জীৱনবোৰ গতিশীল হব ।

Opmerkingen


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page