পৰিৱৰ্তন
- Sahitya Chorcha
- Jan 25, 2021
- 1 min read
ফাগুনৰ নঙঠা ডালত এতিয়া বহাগৰ সুৰ বহাগ আহিবই এটি সেউজীয়া সপোনেৰে বিহংগইও নাচিব; পবনে চুমা দি যাব যৌৱনৰ শিহৰণ তুলি প্ৰকৃতি গাভৰু হব, ফাগুনৰ নঙঠা ডালত বহাগ আহি জিৰণি লব। কিন্তু !! সভ্যতাই শতিকা জুৰি পৰিবৰ্তনৰ পম খেদিছে পদ পথত অলিয়ে-গলিয়ে নঙঠা দেহ বৃদ্ধিহে হৈছে ডাচ্-বিনস্হ শিশুৰ ক্ৰন্দনত বৃদ্ধাশ্ৰমৰ আইতাৰো মূল্যবোধত আউল লাগিছে ; ধৰ্ষণ আৰু হত্যই চেতনাক অবনমিত কৰিছে, বহাগৰ অপেক্ষাত প্ৰকৃতিয়ে মানৱতাক ধিক্কাৰ দিছে। এয়াই পৰিবৰ্তন?
Comments