top of page

পৰিক্ৰমা

  • Sahitya Chorcha
  • Jan 7, 2021
  • 1 min read

অস্ত যোৱা বেলিটিয়ে দি যায় উদয় হোৱাৰ প্ৰতিশ্ৰুতি আত্মাও শৰীৰ সলাই ন-ৰূপ লয় ঘড়ীটিয়েও ১২ ৰ পৰা ১২ লৈ ঘূৰে তেন্তে এটা বছৰনো ক’ত শেষ হয়? মাথোঁ পৰিবৰ্তন হয় নতুন এটি সংখ্যাৰ।

দিনবোৰো একেই থাকে মাহবোৰো একেই থাকে সলনি হওঁ কেৱল আমিবোৰ সলনি হয় আমিবোৰৰ চিন্তা-ধাৰা সময়বোৰ ঘূৰে আদিৰ পৰা অন্তলৈ দি যায় বহু স্মৃতি হৃদয়ৰ কোণত।

জীৱন পৰিক্ৰমাই দিয়ে অভিজ্ঞতা জীয়াই থকাৰ আৰু জীৱন সঁজোৱাৰ দিনবোৰ চেৰেকীৰ পাকত চকচকাই ঘূৰে মাহবোৰো উভতে ঋতুৰ বোকোচাত তেন্তে এটা বছৰনো ক’ত শেষ হয়? সলনি হওঁ কেৱল আমিবোৰ!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page