top of page

পলিথিনৰ আঁৰৰ মানুহ গৰাকী

ওপৰৰ পৰা চিম চিমকৈ বৰষুণ পৰিছে ।এজাক বতাহে পলিথিন খন উৰুৱাই নিবলৈ তুমুল যুদ্ধ কৰিছে । এছাৰকণিট হো হোৱাই জ্বলি থকা ষ্টভটো নুমাই যোৱা যেন লাগিছে ঠেটুৱৈ লগা ঠেৰেঙা জাৰত কপি কপি ৬০ ৰ উদ্ধৰ মহিলা গৰাকীয়ে ইফালৰ পৰা সিফাললৈ বাঁহৰ কামীত বান্ধি থোৱা পলিথিন খন উৰি যোৱাৰ ভয়ঁত টানকৈ গাঁঠিদিয়াৰ চেষ্টা কৰিথকা দেখি মই ৰব নোৱাৰি সুবিধাকৈ বান্ধি দিলো তেঁও মোক মনেমনে শলাগ লৈ পাৰিথোৱা বেঞ্চ খনত বহিবলৈ কলে। ইমান সময় দুয়ো ব্যস্ত থকাৰ বাবে কোনকৰ একো চিনাকি হোৱা নাই। মই বহিলো মানুহ গৰাকীয়ে মোক একাপ চাহ আগবঢ়াই দিলে। মুখা মুখী হওতেই শিল পৰা কপৌৰ দৰে হ’ল।এইয়া কি দুয়োৱে দুয়োক।মই থোকাঠুকি মাতেৰে ক’লো তু-মি জু–ৰী নহয় জানো ।তেঁও মূৰ দুপিয়ালে। হুক-হুকাই কান্দি তেঁও কলে ঐ নিবিৰ তই দেউতাৰৰ টকাৰ বলত সেইদিনা তোৰ সেই ভেৰণীয়া বন্ধুৰ সহায়ত বাপেৰৰ গাড়ী খনত জোৰকৈ উঠাই নি মোৰ শালিনতা নস্ত কৰা দিন ধৰি মই সেই সমাজ তথা ঘৰৰ পৰা নিজক লুকুৱাই জীয়াই থকাৰ সংগ্ৰাম কৰি আছো । তোমালোকৰ ধনৰ টুলাত উঠি মই মোৰ নিজস্ব তেতিয়াও নিবিকিলো এতিয়াও নিবিকো । মোৰ ধনবিট নথাকিব পাৰে কিন্তু মৰম ভালপোৱা নৈতিকতা সৎ চিন্তা সম ভাৱাপন্নতা আদি বোৰৰ লগতে সৎ চৰিত্ৰৰ অলংকাৰ পৰিধান কৰি জীয়াই আছো । মই ভাৱিলো তাইৰ লগত থকা এটাও মোৰ নাই তললৈ মূৰ কৰি লাহেকৈ আতৰি আহি ভাৱিলো এসময়ত হাঁহিৰে খিল খিলাইথকা আৰু এতিয়া চকুপানীয়ে বাট নেদেখা পলিথিনৰ আঁৰৰ সেই মানুহ জনীয়েই হ’ল পকা থেকেৰা যেন জুৰী ।

0 views0 comments

Comentarios


bottom of page