পনীয়া সোনৰ সপোন
- Sahitya Chorcha
- Jan 9, 2021
- 1 min read
নিজানত গছৰ গুটি খাই ওমলা চৰাই জাক স্মৃতি টোপোলা লৈ উৰি গল। ভাগৰত জিৰণি ললে ঠিকনা বিহীন চৰাই জাকে বৰগছৰ তলত। আশাৰ বন্যা হেঁপাহৰ টোপোলা। মেলিছে পনীয়া সোনৰ কিতাপৰ পাতনি। সপোনৰ আঁৰে আঁৰে শৰতৰ ব্যাকুলতা গেৰধৰা সেউজীয়া পথাৰ মাগুৰী বিলত মাছ কাছৰ ধেমালি। বিলৰ পাৰত জলপৰী ৰঙা হালধীয়া ফুলৰ মাজে ভিন্ন পখিলাৰ সাজোন। ভোমোৰাৰ গুনগুননি। বৰ গছৰ বক্ষ ফালি স্মৃতি তোৰণ। ক’তযে সপোন ধৰিব নোৱাৰি বাস্তৱ সমাজৰ মেৰপাক। বিষন্নতা সাবতি সময়ৰ সোঁতত বৈ যায়। চৰাই জাকে জিৰাব বিচাৰে সপোনৰ ছাঁত। নিবিচাৰে ৰাইজৰ চোতালত দুখৰ পাঠ। গছৰ গুটি খাই ওমলা চৰাই জাক উৰি গুছি গ’ল স্মৃতি টোপোলাত ভগ্ন হৃদয় পাছে পাছে মৃত্যুৰ ছাঁ।
Comments