top of page

নিৰ্বাচনৰ বতৰ

  • Sahitya Chorcha
  • Dec 17, 2020
  • 1 min read
বায়ুমণ্ডলে নিৰ্বাচনৰ বতৰৰ ইংগিত দিছে, নেতা-কৰ্মী সক্ৰিয় হবলৈ ধৰিছে বাতৰি কাকত, টেলিভিশ্বন, চচিয়েল মিডিয়াত নিৰ্বাচনী গ্ৰীষ্মই আৱৰিছে। নিৰ্বাচনৰ এই গ্ৰীষ্ম বতৰত কেৱল মন্ত্রীত্ব পোৱাৰ আশাৰে, কোনোবাই কৈছে জাতি-মাটিৰ কথা, কোনোবাই দিছে ভূৱা প্ৰতিশ্ৰুতি, বৃহৎ বৃহৎ হৰ্ডিঙ লগাই উন্নয়ণৰ প্ৰতিযোগিতা চলিছে, ৰাজনীতিৰ অ-আ নজনা প্ৰাৰ্থীয়ো ভোট বেংকৰ চিন্তাত পৰিছে। কৰ্মীসকলে ইজনে-সিজনৰ ওকালতি কৰিছে, হৈ-হাল্লা আৰু ময়মতালি এতিয়া সাধাৰণ কথা হৈ পৰিছে। ৰাজপথ কপাঁই সদলবলে নেতাৰ জয়ধ্বনি ৰচিছে, উদাক্ত ভাষণৰ হাত চাপৰিৰে ৰাইজৰ মনত আশাৰ ৰেঙনি আনিছে, মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে, সকলোৱে ভেকোভাৱনা কৰিছে। গাদীৰ মায়াত মচগুল হৈ ইজনে-সিজনক তাৎসল্য কৰি, জনসাধাৰণৰ ভোটক ভেঙুচালী কৰি নেতাই দল সলাই-সলাই, ৰাজপথত চাইৰেন বজাই বজাই নিৰ্বাচনৰ বতৰ আহি পৰিছে।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page