top of page

নাৰী আৰু নদী

  • Sahitya Chorcha
  • Jan 18, 2021
  • 1 min read

সৃষ্টিৰ গৰ্ভত গৰ্ভৱতী নাৰী তুমি পুৰুষৰ বাহুৰ বন্ধনত কঠিয়াৰ কোঁহ- ন-মাহ,দহদিন তোমাৰ গৰ্ভত পুৰঠ হ’য় জীৱন- যান্ত্ৰনাৰ ছেদ ফালি আকাশ দেখে! বুকুৰ স্তনপানত বিকশিত মানৱ গছ তোমাৰেই একেই নদী তুমি তোমাৰ গৰ্ভত সভ্যতাৰ অভিব্যপ্তি আমিবোৰ! তথাপিও আমিযেন নিজকে পাহৰি গৈছো ,পাহৰি গৈছে নাৰীয়ে নিজকে যৌনক্ষুধাতুৰ ক্ষুধাৰ্ত! আলিৰকেঁকুৰিত অথবা কোনো ৰাজপথৰ দাঁতিৰ ডাষ্টবিনত- তেনে নাৰীৰ মান্যতা? নাৰীৰ বাবে নাৰীও শত্ৰু নদীৰ বাবে আমি সভ্যমানুহবোৰ- যাৰ বাবে নদী প্ৰদূষিত আজি যেনেকৈ প্ৰদূষিত নাৰীৰ যৌনতাৰ বেশ্যালয় বোৰ দেশে দেশে!

Komentáře


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page