top of page

নিৰৱ নিথৰ নিশব্দ

হৃদয়ৰ ন্যস্ত কোনত অভ্যূৎখান ঘটা অন্তৰীপৰ মাজত এইয়া কিহৰ নমস্যতা যৌৱনৰ তৃঞ্চাতুৰ প্ৰাণত ভাগৰি যোৱা উৰন্ত কনিকাৰ ধূসৰ অমানিশা, প্ৰতি পলকে জীৱনৰ উদ্বেলিত বাসনাৰ আলিকাষৰিত নিৰৱ নিস্তব্ধ হৈ পৰিছে উৰিব খোজা ৰঙীন অভিলাষ।

ফাগুনৰ আচল সানি লহৰৰ আখৰাত ভাঙি যোৱা সপোনৰ দোলনিত তুমি উন্মনা হৈ আলোকপাত হৈছিলা মন্দাকিনীৰ উদ্ধত চাঁৱনিত। এতিয়া বলুকাত বাউলী হ’বলৈ পাখি মেলি নিজান দেখোন মানৱ দৰদী, নৎস্যাত কৰি জীৱন্ত খৰিকাযোৰিত অনাকাংষিত গোপন নৰীয়া লহৰত উদাসিন নিথৰ আবেলি।

শব্দভেদি বানেৰে জোতিষ্মান হোৱা উৰন্ত তৃপ্ততাৰ বেলকনিত নিৰৱিচ্ছিন্ন হৈ ভাহি আহিছে, শৰৎৰ সন্ধিয়া ৰাগিনী তুলা প্ৰেমাস্পন্দন নিলিম নয়ন, আশাৰ সঞ্চাৰিত ধ্বনিত নিশব্দ আজি আন্দোলিত প্ৰতিটো মধুৰ তৃষ্ণা।

উদয়াস্ত বেলিটোৱে মনৰ গোপন কক্ষত ছটা বান্ধি ধৰিছে, অন্তৰৰ নিভীৰ্ত কোনত সৃষ্টি হয় জাগৰণৰ আদিপাঠ, লক্ষ বেলিকাই আৱৰি ৰাখিছে উদ্ভান্ত হোৱা যৌৱনাস্ত দৰদী বান্ধোন মৰুৰ দেহত পদোচিহ্ন আজি আধা লিখা ডায়েৰীৰ পৃষ্ঠা

নিৰৱ নিথৰ নিশব্দ এই জীৱন।

#assamesekobita #axomiyakobita #nirabnitharnihobdo #SahityaChorcha

0 views0 comments

Related Posts

See All
bottom of page