top of page

নিঃসংগ জীৱন

  • Jan 7, 2021
  • 1 min read

নিঃসংগতা সঙ্গীবিহীন কঠিন সন্ধিক্ষণৰ অন্তৰাত্মাৰ ক্ৰন্দন ভাৱাবেশ ভৰা জীৱন বুকুত উঠা-নমা কৰা স্পন্দন। বিৰামহীন তাৰ ভাৱনাত উঠিছে এক অনামী জোঁৱাৰ তাৰ মন আজি অশান্ত নাই তাৰ কোনো স্থৈৰ্য নাই তাৰ মনৰ কোনো ভাৱ অনুভূতিৰ আলোড়ন নাই কোনো উচাহ নাই কোনো আশাৰ সঞ্চাৰ নাই তাৰ কোনো স্ফুৰণ চাৰিওফালে দেখে মাথো আন্ধাৰ নাপায় যে সি পোহৰৰ সন্ধান তুমি অবিহনে আজি সি অশক্ত একো কৰিব নোৱাৰে ডেউকা ভগা পক্ষীৰ দৰে এতিয়া সি এটা ডাঙৰ অশ্ম তাৰ অষ্টাংগ অলৰ অচৰ থিয় হৈ থকা এটা স্তম্ভ হৃদয়ত আজি অগ্ন্যুপাত জ্বলি জ্বলি যে শেষ হোৱা তাৰ যেন এক কৰুণ জীৱন তুমি বিহীন এক অধ্যায় এইয়ে তাৰ নিঃসংগ জীৱন।

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.

© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page