নিষ্ঠুৰ সময়
- Jan 11, 2021
- 1 min read
ভবা নাছিলো কাহানিও মই তই যে এৰি থৈ যাবি অকলে মোক অথাই সাগৰত৷ এতিয়া আছো মই অকলে এটি নিজান দ্বীপৰ মাজত লগত আছে মাথোঁ মোৰ তোৰ স্মৃতিৰ সেই ফটো বোৰ৷ ইমান নিষ্ঠুৰ হ’লে কেনেকৈ ভবা নাছিলো কাহানিও মই তোৰ অবিহনে থাকিব লাগিব তই কোৱা কথা বোৰ বুকুৰ মাজত সোমাই অনুভৱ কৰি আছো মোৰ ভুল ক’ত নিজকে বেছি ভাল পোৱা টো মোৰ ভুল সকলোকে বেছি বিশ্বাস কৰা টো মোৰ ভুল তোক বেছি আপোন কৰা টো মোৰ ভুল আছিল জানো মোৰ ভুল এবাৰ ভাবি চাবি হয়টো ভুল তোৰে নহয় সময় বোৰ নিষ্ঠুৰ আছিল




Comments