আগফালে চিট খালি নাই তাতে বহ, সেই কাৰনে অকণমান সোনকালে আহিব লাগে৷ থিয় হৈ থকাবোৰ বহি দিয়া আমি একো দেখা পোৱা নাই৷ কেচুঁৱাৰ কান্দোনত থাকিব নোৱাৰি থিয় হৈ কেচুঁৱা ওমলাই থকা তাইক কোনোবাই পিছফালৰ পৰা চিঞৰিছে৷ কেও আকৌ ডাঙৰ ডাঙৰকৈ নিজৰ ভিতৰতে হাঁহি মচকৰা কৰি কথাৰ মহলা মাৰি ফুৰিছে৷ সভাখনৰ গাম্ভীৰ্যতা নোহোৱা হল৷ চিঞৰ-বাখৰ হুলস্থূলীয়া পৰিবেশত মঞ্চত ভাষণ দি থকা বিশিষ্ট বক্তাই বক্তৃতা বন্ধ কৰি শ্ৰুতা ৰাইজৰ ফালে চাই মৌন হৈ ৰ’ল৷ নিঃশব্দৰ ভাষণেৰে কিছুপৰ এইদৰেই পাৰ হল৷ সভাকক্ষত দুই এজন শ্ৰুতা ৰাইজে কথাটো ধৰিব পাৰি হাত জোকাৰি জোকাৰি ৰাইজক শান্ত হবলৈ নিৰ্দেশনা জাৰি কৰা দেখা গল৷
top of page
The website is being updated and edited. Please share comments on contact page.
bottom of page
Comments