top of page

‍নালাগে

  • Sahitya Chorcha
  • Jan 12, 2021
  • 1 min read

নালাগে তোৰ মৰম নালাগে তোৰ প্ৰেৰণা তই বিহীন এই জীৱন অকলশৰীয়া মই অকলশৰী পাৰ কৰিম জীৱন

নালাগে তোৰ মিচিকিয়া হাঁহি নালাগে তোৰ দুবাহু পৰশ নালাগে তোৰ মিছা সঁহাৰি জীৱন মৰণৰ যুদ্ধ অকলেই কৰিম ৷

নালাগে তোৰ মিছা প্ৰতিশ্ৰুতি নালাগে তোৰ উকা বুকুৰ আলিংগন নিজেই নিজকে সাৱটি ধৰিম নালাগে তোক অকলেই পাৰ কৰিম জীৱন

তোৰ নোহোৱা এই জীৱন অকলশৰেই জীয়াই থাকিম এইয়া মোৰ জীৱন কঠোৰ সিদ্ধান্ত নালাগে আৰু তোক নালাগে নকৰে আমনি

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page