কবিতা ভাল পোৱা ল’ৰাটো এদিন মোৰ প্ৰেমত পৰিছিল, কলিজাটো মোৰ দুহাতত তুলি দিবলৈ উদবাউল হৈ পৰিছিল। মই ক’লো এতিয়া যে মই প্ৰেমত পৰাটো নিষিদ্ধ, সংসাৰৰ চাকনৈয়াত মোৰ জীৱন দ্ৰৱণীয়। তেওঁ হেনো নাজানে মই যে বিবাহিতা, মই ক’লো যে মই নিজক পাহৰিও সংসাৰৰ কৰ্তব্য পালন কৰিছো, প্ৰেমত পৰাটো দুৰৰে কথা, নিজৰ কথা ভবাৰো সময় নহয় কেতিয়াবা। কপালত জিলিকা নানাৰঙী ফোঁট মোৰ শিৰৰ নামমাত্ৰ সেন্দুৰ, তেওঁৰ হেনো চকুত নপৰে সেইবাবে হেনো খেলিমেলি লাগিল, হেপাহবোৰো অজানিতে বাঢ়িল। তেওঁ হেনো মোক লৈ সপোন সাজিছে মই সেন্দুৰখিনি আজিকালি সকলোৱে দেখাকৈ লওঁ, কপালত জোনৰ দৰে জিলিকাকৈ; অজানিতে কাৰোবাক মৰীচিকা খেদি কষ্ট দিবলৈ ময়ো ভাল নাপাওঁ, কবিতা ভাল পোৱা ল’ৰাটোৱে এতিয়া সাহিত্যৰ প্ৰেমত পৰিল , দৃষ্টিত সুন্দৰতা বাঢ়িল, হৃদয়খন বিশাল হৈ পৰিল; মনটো আকাশ হৈ থাকিল । সাহিত্যৰ পৃথিৱীত নিজকে সপি দি তেওঁ এতিয়া বহুত সুখী।
top of page
The website is being updated and edited. Please share comments on contact page.
bottom of page
Comments