অপূৰ্ব সৌন্দৰ্য্য নয়ন জুৰোৱা পক্ষীৰ কাকলিত সুৰৰ মূৰ্চনা ৷ নীলিম আকাশৰ মায়াময় স্পৰ্শত চোৱা উজ্জ্বলি উঠিল কোমল ঘাঁহনি হ’ল বাৰেৰহণীয়া ৷ জাক জাক বগলীৰ এয়াই ৰম্যভূমি , শুকুলা ফুল হৈ আছে যে খেলি৷ নাৱৰীয়াৰ ভতিয়ালী গীতত স্বৰ্গাৰোহণৰ জাগৰণ অস্তগামী সূৰুযৰ অনন্য সুন্দৰ হেঙুলী ৰহন৷ সৌৱা টনিজালত ডাঙৰ ৰৌ এটা আছে চটফটাই , মাছমৰীয়াকাই মনৰ আনন্দত উঠিল জপিয়াই৷ খোখো কাবাদি আৰু কতো খেলা আপোন পাহৰি খেলি আছে গৰখীয়াই, কৃষকৰ গৃহাভিমুখী হেপাঁহৰ গমন দিনজোৰা পৰিশ্ৰম কান্ধত ওলোমাই৷ বিচিত্ৰ ৰূপৰেখাৰ মহামিলন ভূমি অশান্ত মনৰ প্ৰশান্তিৰ স্থল এই নৈ পাৰ৷
top of page
The website is being updated and edited. Please share comments on contact page.
bottom of page
Kommentare