নেতাজীক প্ৰণাম
- Sahitya Chorcha
- Feb 1, 2021
- 1 min read
দেশ মাতৃৰ তুমি সুযোগ্য সন্তান, মাতৃৰ বকুত ৰাখি গ’লা নাম; পৰাধীনতাৰ শিকলি চিঙি স্বাধীন ভাৰত গঢ়িবলৈ কৰিলা জীৱন পণ, কাৰাগাৰত বাৰে বাৰে বন্দীত্ব স্বীকাৰ কৰি ভাগৰি নপৰিলা তুমি, বৰঞ্চ বীৰদৰ্পে আগবাঢ়ি গ’লা নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি। অহিংসাৰে নতশিৰ কৰাব নোৱাৰি তুমি “আজাদ হিন্দ ফৌজ” গঠন কৰি নেতাজী হৈ আগবাঢ়ি গ’লা বগা বঙালক খেদি ভাৰত মাতৃক স্বাধীন কৰিবলৈ। কিমানযে কষ্ট সহিলা, কিমানযে ত্যাগ স্বীকাৰ কৰিলা! হে মহান! কৰযোৰে কৰিছো প্ৰণাম। তোমাৰ গৰিমা পৃথিৱীৰ বুকুত হওক চিৰ প্ৰবাহমান।
Comments