top of page

নিজেই নিজৰ ত্ৰাণকৰ্তা হওঁক

১৯৬০ চনৰ ৫ নৱেম্বৰ তাৰিখে তেতিয়াৰ ছোভিয়েট দেশৰ এটা বাৰ’জনীয়া অভিযানকাৰী দল লেনিনগ্ৰাডৰ পৰা এন্টাৰ্কটিকা অভিমুখে যাত্রা কৰিছিল ৷ সেই বাৰ’ জনীয়া অভিযানকাৰী দলটোক নেতৃত্বাধীন কৰিছিল ডাঃ লিওনিড ৰোজোগভে ৷ চিকিৎসা বিজ্ঞানী ডাঃ ৰোজোগভক বাদে অভিযানটোৰ বাকী সদস্যসকল আছিল ৰসায়ন আৰু পদাৰ্থ বিজ্ঞানী ৷ সূদীৰ্ঘ ছমাহ ধৰি এন্টাৰ্কটিকাৰ বৰফৰ মাজত থকাৰ পাছত ১৯৬১ চনৰ মাৰ্চৰ শেষৰ ফালে অভিযানকাৰীৰ দলটোৱে প্ৰবল হিম প্ৰবাহৰ সন্মুখীন হ’ব লগীয়াত পৰিল ৷ ছমাহ মাহ ধৰি চলা সেই তুষাৰপাত ইমানেই ভয়াবহ আছিল যে এন্টাৰ্কটিকাস্থিত ছোভিয়েটদেশৰ গৱেষণাগাৰটো কেইবাফুট ডাঠ বৰফৰ তৰপেৰে ঢাকখাই পৰিছিল৷ ফলস্বৰূপে গৱেষণাগাৰটোৰ লগতে সংলগ্ন একমাত্ৰ অস্কিজেন উৎপাদনকাৰী প্লান্টোৰ ওপৰতে তেওঁলোকৰ জীৱনৰ নিশ্চয়তা নিৰ্ভৰ কৰিছিল৷

ডাঃ ৰোজোগভ হঁতৰ গৱেষণাগাৰটোৰ সৈতে মস্কো আৰু লেনিনগ্ৰাডৰ সকলো বেতাৰ অনাতাঁৰ যোগাযোগো বিচ্ছিন্ন হৈ পৰিছিল ৷সেই দূৰ্যোগৰ সময়তে হঠাত এদিন ডাঃ ৰোজোগভৰ সোঁ পেটৰ তলত এটা বিষ আৰম্ভ হয় ৷ প্ৰথম অৱস্থাত ডাঃ ৰোজোগভে পেইনকিলাৰ টেবলেট খাই উপশম পাইছিল যদিও পাছলৈ বিষ তীব্ৰতৰ হৈ পৰিল ৷ ডাঃ ৰোজোগভে তেওঁৰ পেটৰ বিষৰ কাৰণ এপেন্ডিচাইটিচ বুলি বুজিব পাৰিছিল৷ বিষৰ তীব্ৰতালৈ লক্ষ্য কৰি অবিলম্বে অষ্টোপ্ৰচাৰ কৰি এপেনডিক্সটো কাটি নুলিয়ালে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব বুলি তেওঁ খাটাঙ কৈ ধৰিব পাৰিছিল ৷ ইফালে গৱেষণাগাৰৰ বাহিৰত প্ৰবল হিম প্ৰবাহ আৰু ভিতৰত সীমীত অক্সিজেনৰ মাত্ৰাত জীৱনৰ নিশ্চয়তা নাই ৷ লেনিনগ্ৰাড অথবা মস্কো কাৰো পৰা সহায় পোৱাৰ কোনো বাট নাই ৷ তৰোপৰি অভিযানকাৰী সকলৰ ভিতৰত একমাত্ৰ তেওঁৱেই এজন চিকিৎসক গতিকে বাকীকেইজনক সাৰথি হিচাপে লৈ ডাঃ ৰোজোগভে নিজেই নিজৰ অষ্টোপ্ৰচাৰ কৰিবলৈ মানষিক ভাৱে প্ৰস্তুত কৰি তুলিলে , নহলে মৃত্যু যে অৱশ্যম্ভাৱী ৷

পৰিকল্পনা অনুসৰি ডাঃ ৰোজোগভে বাথৰুমৰ ডাঙৰ আইনা এখন আৰু এটা স্পট লাইট দুজন অভিযানকাৰী হাতত দি এটা বিশেষ কোণত ধৰি থাকিব দিলে ৷ তেওঁ সেই আইনাখনৰ প্ৰতিবিম্ব চাই চাই নিৰ্দেশ দি অভিযানকাৰী সকলৰ মাজৰ পৰা এজন ৰসায়নবিদৰ জৰিয়তে অষ্টোপ্ৰচাৰ কৰিব ৷ অৱশেষত ১মে তাৰিখৰ দিনা যথাসময়ত ডাঃ ৰোজোগভে গবেষণাগাৰৰ ভিতৰত অস্থায়ীভাবে সাজু কৰি লোৱা অপাৰেচন থিয়েটাৰৰ আৰামী চকী এখনত বহি ল’লে ৷ তেওঁ পেটত লোকেল এনাছথেচিয়া ইনজেকচন মাৰি দি ৰসায়নবিদ জনক পেটত পেটটো ফালিবলৈ তীক্ষ্ণ চাৰ্জিকেল চুৰিখন আগবঢ়াই দিলে ৷ পিছে ৰসায়নবিদ জনে বহুত চেষ্টা কৰিও সাহস গোটাব নোৱাৰাত অৱশেষত ডাঃ ৰোজোগভে পেটৰ প্ৰচন্ড যন্ত্ৰনাৰ পৰা মুক্তি পাবলৈ নিজেই নিজৰ পেটত ফালিবলৈ সাজু হ’ল ৷ তেওঁ কোঠাটোত থকা অভিযানকাৰী তিনিও জনকে এটাই কথা কৈছিল যাতে অপাৰেচনৰ সময়ত যদি তেওঁ মূৰ্চা গলে যাতে অবিলম্বে এপিনেফ্ৰিন ইনজেকচন তেওঁৰ শৰীৰত খুচি দিয়ে ৷

পেটত লোকেল এনাছথেচিয়া দিয়াৰ বাবে ডাঃ ৰোজোগভে পেটৰ ভিতৰত সহজে এপেন্ডিক্সটো বিচাৰি উলিয়াবলৈ চাৰ্জিকেল গ্লোভচ নিপিন্ধি খালি হাত খনকেই পেটৰ ভিতৰত সুমুৱাই দিলে ৷ প্রচণ্ড বেদনাৰ মাজত ধৈৰ্য্য আৰু সহ্য দুয়োটাকে নিজৰ আয়ত্ত্বত ৰাখি তেওঁ নিজৰ অষ্টোপ্ৰচাৰ চলাই গ’ল ৷ শৰীৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ কাৰণে আৰু গৱেষণাগাৰটোৰ ভিতৰত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ বাবে ডাঃ ৰোজোগভ ভাগৰি পৰিছিল ৷ তথাপিও প্ৰতি পাছ মিনিটৰ মুৰে মুৰে দহৰ পৰা পোন্ধৰ ছেকেণ্ডৰ বিৰতি লৈ লৈ সম্পূৰ্ণ এঘন্টা সময় অষ্টোপ্ৰচাৰ কৰি নিজৰ পেটৰ এপেন্ডিক্সটো কাটি উলিয়াবলৈ সক্ষম হ’ল ৷ এপেন্ডিক্সটো চকুৰ কাষলৈ আনি ডাঃ ৰোজোগভ শিয়ঁৰি উঠিছিল ৷ কাৰণ আৰু যদি কেইঘন্টামান পলম হ’ল হেতেন তেন্তে সেইটো বিস্ফোৰণ হোৱাটো খাটাঙ আছিল ৷ অষ্টোপ্ৰচাৰৰ পাছত কেইবা দিনলৈ ডাঃ ৰোজোগভৰ শাৰীৰিক অবস্থা বহুত শোচনীয় হৈ পৰিছিল যদিও লাহে লাহে উন্নত হ’বলৈ ধৰিলে ৷ এক মাহৰ মুৰত ডাঃ ৰোজোগভ সম্পূৰ্ণ ভাৱে সুস্থ হোৱাৰ পাছত এটা ইন্টাৰভিউত ডাঃ ৰোজোগভে কৈছিল , মানুহৰ জীৱন লৈ যেতিয়াই জীৱনৰ আৰু মৰনৰ প্ৰশ্ন আহি পৰে তেতিয়া মানুহে মৰনৰ সম্ভাৱনাৰ কথা নাভাবি জীয়াই থকাৰ সম্ভাৱনাবোৰ বিশ্লেষণ কৰিব লাগে।

এজন মানুহক যমৰ দুৱাৰদলিৰ পৰা তন বা ধন বলে নহয় একমাত্ৰ মনৰ বলেহে ঘুৰাই আনিব পাৰে ৷ এজন মানুহে জীৱনত কৰা পৰোপকাৰ, সহকৰ্ম, দয়া ক্ষমা আদিৰ অনুভৱ সমূহ মানুহৰ মস্তিষ্কৰ ভিতৰত সঞ্জীৱনী শক্তিৰ দৰে সঞ্চিত হৈ থাকে ৷ জীৱনমৰণৰ সন্ধিক্ষণত সঞ্চিত হৈ থকা সেই সঞ্জীৱনী শক্তি সমুহ মনোবল হৈ আমাক জীয়াই থকাৰ সম্ভাৱনা যোগাই ৷

আহকচোন আমিও সাম্প্ৰতিক কৰোনা মহামাৰীৰ সময়কণত ঘৰৰ ভিতৰত আৱদ্ধ হৈ নিজক নিজৰ পৰিচৰ্য্যা কৰি থকা কৰোনা যুঁজাৰু সকলক ডাঃ ৰোজোগভৰ দৰে দুঃসাহসিক লোকজনৰ কথাৰ মনোবল যোগাও ৷ তেওঁলোকৰ জীৱনৰ সম্ভাৱনাৰ দুৱাৰ খুলি দিও ৷ ক’ত কিমান জন ঢুকাল, কোন ঢুকাল, ইত্যাদিবোৰ ঋনাত্মক বাতৰিৰ খবৰ দি তেওঁলোকক হতাশ নকৰি ডাঃ ৰোজোগভৰ দৰে মনোবলৰ সহায়ত মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা মৃত্যুঞ্জয়ী সকলৰ বীৰগাঁথাৰ কাহিনী শুনাও ৷ চৰকাৰ, নেতা, আৰু প্ৰশাসনক দোষাৰোপ কৰাতকৈ নিজে সাৱধানতাৰ কবচ পিন্ধো ৷ আমি আজি চকুৰে নমনা এটা বিহৎ গুলিয়াথৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছো ৷ গতিকে আমি ধৈৰ্য্য, সহ্য আৰু আমাৰ সঞ্চিত মনোবলেৰে ডেভিদৰ দৰে এই গুলিয়াথক পৰাজিত কৰিব লাগিব ৷ বক্সাৰ সকলে ৰিঙত যেতিয়া পৰাক্রমী বক্সাৰৰ প্ৰত্যাহ্বানৰ সন্মূখীন হয় তেতিয়া তেওঁলোকে নিজে প্ৰত্যাক্ৰমণ নকৰি প্ৰতিৰক্ষাৰ প্ৰতি লক্ষ্য দিয়ে ৷ কাৰণ মাৰিবলৈ নিজক নিজেই বচাই ৰাখিব লাগিব ৷ নিজেই নিজৰ ত্ৰাণকৰ্তাৰ ৰূপত প্ৰস্তুত ৰাখিব লাগিব৷

2 views0 comments

Comments


bottom of page