নৱবৰ্ষ
- Sahitya Chorcha
- Jan 2, 2021
- 1 min read
সৰাপাতে সৰি ক’লে, মন কেনভাচৰ এটি বছৰ সৰি গ’ল। বতাহে ভাহি আহি ক’লে, মন দৰ্পনত নতুন বছৰৰ আগমন হ’ল।
পুৰণি অভিজ্ঞান কৰি দিয়া অৱসান, পুৰণি কষ্ট কৰি দিয়া নষ্ট, পুৰণি বেদনা কৰি দিয়া বিনষ্ট।
আকোঁৱালি লোৱা নতুন প্ৰত্যাশা নতুন প্ৰাণ নতুন হাঁহি নতুন গান নতুন প্ৰভাতী নতুন প্ৰভা। সাৱটি ধৰা নতুন আশা নতুন আকাংক্ষা নতুন প্ৰেম নতুন প্ৰাণ নতুন জ্যোৎস্না নতুন জোনাকী। হাঁহিৰে আলিঙ্গন কৰা নতুন বন্ধু নতুন বন্ধুত্ব নতুন উদ্দ্যম নতুন উদ্দীপনা নতুন বেলা নতুন বৰ্ষ।
Comentários