top of page

নৱবৰ্ষ

  • Sahitya Chorcha
  • Jan 2, 2021
  • 1 min read

নতুন তোমাক জনালোঁ স্বাগতম দীপ্ত সূৰ্য শিখাৰে বিলাই দিয়া তোমাৰ ৰং অনুপম। উজলি উঠক চৌদিশ প্ৰতি পলে দিয়ক অমোঘ মন্ত্র জীৱন জীয়াৰ। এই যুগসন্ধিৰ ভয়াবহতা আঁতৰাই পৃথিৱী তোলা পোহৰাই। হেৰাই যাওক অভিশপ্ত দিনৰ অৱসাদ অহা বাটেই উলটি যাওক কৰ’ণা নামৰ মহা ভাইৰাছ নাহক কোনোকালে এনে বিভিষিকা য’ত পৃথিৱীয়ে হেৰাই নিজৰ সমতা। নতুন বছৰে লৈ আহক নতুন সপোন, নতুন আশা নতুন দিনৰ প্ৰতিশ্ৰুতি য’ত জীৱনে পায় নতুন সঞ্জীৱনী তাৰেই কৰিছোঁ আৱাহনী! মূৰ্ত হওক প্ৰতি পল প্ৰতি লহমাই দিয়ক সুখৰ সমল! প্ৰাপ্তি-অপ্ৰাপ্তিৰ সমন্বয় এই জীৱন বলয়। অতীত বৰ্তমান আৰু ভৱিষ্যতৰ নিৰন্তৰ বেহুৰে আৱৰা জীৱনৰ সময়ৰ হাততেই জয় পৰাজয়!

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page