top of page

নৰকত নৱাগতৰ অভ্যৰ্থনা সভা (প্ৰথম খণ্ড)

নৰকত প্ৰতি সপ্তাহৰ মঙ্গলবাৰৰ দিনটোত নৱাগত সকলক আদৰণি জনোৱা হয় ৷ এই দিনা স্বয়ং নৰকৰ ৰজা যম উপস্থিত থাকি ন’কৈ অহাসকলৰ লগত চা-চিনাকি হৈ তেওঁলোকক আদৰণি জনায় ৷

আন আন সপ্তাহৰ দৰে আজিও এক জাক-জমক পৰিবেশ ৷ ৰাজসভাত নৰকৰ গণ্যমান্য ব্যক্তিৰে ভৰি পৰিছে ৷ নৰকলৈ ন’কৈ অহাসকলক সভাঘৰৰ আছুতীয়া ঠাইত বহিবলৈ দিয়া হয় ৷ তাৰে পৰা এজন এজন কৈ গৈ চিনাকি দিয়াৰ নিয়ম ৷

যথাসময়ত যম ৰজা সভাঘৰত আহি উপস্থিত হ’ল ৷ যম ৰজাই তেওঁৰ নিজা পদমৰ্য্যাদাৰ ভঙ্গীমাৰে ৰাজসভাত পদাৰ্পণ কৰিলে ৷ মুছ পকাই পকাই গৈ সিংহাসনত বহিবলৈ লোৱাৰ আগতে সভাকক্ষত উপস্থিত সকলোৱে থিয় হৈ অদ্ভুত শব্দ এটা উচ্চাৰণ কৰি তেওঁক সম্ভাষণ জনালে ৷ যম ৰজাই হাত এখন ওপৰলৈ কৰি সকলোকে বহিবলৈ নিৰ্দেশ দিলে ৷

প্ৰাৰম্ভিক সকলো কাম সম্পাদনৰ অন্তত নিদিষ্ট সময়মতেই সভা আৰম্ভ হ’ল ৷ ডাঙৰকৈ ঘন্টাৰ শব্দ এটা বাজি উঠিল ৷ লগে লগে সভাকক্ষত হাই-উৰুমি বন্ধ হৈ নিজম পৰিল ৷ সকলোৱে কোৰ্টৰ কাঠগড়াৰ দৰে ওখকৈ সজোৱা স্থানলৈ চাই ৰ’ল ৷ নৱাগতসকলে চিনাকি দিয়াৰ সময়ত সভাকক্ষত উপস্থিত থকা সকলোৱে যাতে দেখা পাই তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ৷

নৱাগতসকল বহি থকা ঠাইৰ ওচৰত টকলা বৃহৎকায় অসুৰ এজন থিয়হৈ আছিল ৷ যম ৰজাৰ নিৰ্দেশ পোৱাৰ পিছত তেওঁ নৱাগতসকলক এজন এজনকৈ চিনাকি দিবলৈ নিৰ্দেশ দিলে ৷ চিনাকি দিয়াৰ পিছত আগফালে ৰাখি থোৱা খালি চকীত বহিবলৈ বুজাই দিলে ৷

নৱাগতা সকলৰ মাজৰ পৰা এজন এজনকৈ আগবাঢ়ি গৈ চিনাকি পৰ্ব আৰম্ভ কৰিলে ৷

নৱাগত : নমস্কাৰ হুজুৰ ৷ যমলৈ চাই সেৱা এটা জনালে ৷

যম : নাম কি তোৰ ?

নৱাগত : টংকে বাহাদুৰ হুজুৰ ৷

যম : তই যে নৰকত আহিলি গম পাইছ কি নাই ?

নৱাগত : হয় হুজুৰ ৷ গেলা গোন্ধ আৰু পৰিবেশ চাই অলপ ধৰিব পাৰিছোঁ ৷

যম : পাৰফিউমৰ গোন্ধ পাইছ ? সুন্দৰ, এয়া নৰকৰ পাৰফিউম ৷ বাৰু তই স্বৰ্গলৈ নগৈ নৰকত যে আহিলি তাৰ কাৰণ জাননে বাৰু ?

নৱাগত : হয় হুজুৰ ৷ সৰুৰে পৰা ভগৱান বিশ্বাসী নাছিলো মানে নাস্তিক আছিলোঁ ৷ জীৱনত ভগৱানক পূজা কৰি নাপালোঁ ৷ সেই কাৰণে হব পৰে কিজানি হুজুৰ ৷

যম : বৰ সুন্দৰ, ভেৰী গুড ৷ তই তাৰ মানে ইনডাৰেক্টলি মোৰ ভক্ত আছিলি ৷

নৱাগত : নহয় হুজুৰ … মানে হ..য় … হয় . … হয় ৷

যম : স্বৰ্গলৈ যোৱাটো সহজ বুজিছ নৰকত অহাটোহে বৰ টান ৷ ভাগ্য লাগিব ৷ মানুহবোৰে অনবৰতে ভগৱানৰ নাম লয় ৷ ভগৱানক তেল মাৰি থকা দেখোঁ ৷ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভগৱানৰ নামত জীৱনৰ বহু সময় অযথা খৰছ কৰে ৷ গতিকে মৃত্যুৰ পিছত স্বৰ্গত স্থান পাবলৈ সহজ ৷ নৰকত স্থান পাবলৈ হে বৰ টান বুজিছ, তোৰ ভাগ্য ভাল সেইকাৰণে নৰকত আহিব পাৰিলি ৷

নৱাগত : হয় হুজুৰ !

যম : ঐ তই সব কথাতে হয় হুজুৰ, হয় হুজুৰ কৰি নাথাকিবি বুজিছ ৷ তোৰ মাইকী মানুহজনীয়ে তোক ডমিনেট কৰি ৰাখিছিলে হয় নে ?

নৱাগত : হয় হুজুৰ ! সেই কাৰণে লগৰ বহুতে মোক মাইকীমুৱা বুলি নাম ধৰি মাতে হুজুৰ ৷

যম : সুন্দৰ , ভাল লাগিছে তোৰ কথাবোৰ শুনি ৷ নৰকলৈ অহা বাবে ধন্যবাদ দিছোঁ ৷ তই নৰকলৈ অহাৰ বহুতো কাৰন আছে বুজিছ ৷ আহিলি যেতিয়া কাৰনবোৰ জানি থোৱা ভাল নহয় জানো ৷

নৱাগত : নালাগে হুজুৰ জানি কি কৰিম এতিয়া ৷ হুজুৰ মই মৰততে বহু যতনা পাই আহিছোঁ ৷ বিয়াৰ আগতে যিমান দুখ, কষ্ট পাইছিলোঁ বিয়াৰ পিছত ডাবল দুখ, কষ্ট পালোঁ ৷ মাইকী মানুহজনীয়ে অনবৰতে উঠা বহা কৰোৱালে মোক হুজুৰ ৷ কন্দাৰ সুৰত কোৱা দি কৈ চকু পানী মচিব ধৰিলে ৷

যম : চুপ থাক কান্দিব আহিছ দুখ, কষ্ট, যতনা পাই আহিছ ৷ কথা কবলৈ আহিছ মাইকীমুৱা ক’ৰবাৰ ৷ মতা হৈ মাইকীৰ তলতীয়া হৈ থাকিলে যাতনা পাবিয়েই ৷

নৱাগত : নহয় মানে হুজুৰ ৷ নৰকত আহিলে বহু যতনা দিয়ে বুলি শুনিছিলো ৷ মৰততে বহু কষ্ট পাই আহিছোঁ হুজুৰ আৰু কষ্ট নিদিব ইয়াত ৷

যম : নৰকত যতনা দিয়ে হাঃ হাঃ ৷ ঐ মাইকীমুৱা তোৰ ভাগ্য ভাল তই নৰকত ঠাই পালি বুজিছ ৷ মৰতত দুখ-যতনা বেছি পোৱাবোৰেহে আমাৰ ইয়াত আহিবলৈ সুবিধা পায় ৷ তই মৰতত যে দুখঃ যতনাবোৰ পালি সেয়া তোৰ ৰিহাৰ্চেল মানে অভ্যাসে কৰোৱা হৈছিল ৷ কাৰন আমাৰ ইয়াৰ নিয়ম কানুনবোৰ কঠোৰ ৷ ইয়াত বৰ বেছি কষ্ট নাপাবৰ কাৰণে তহঁতক তাত ট্ৰেইনিং দিয়া হয় ৷ তই ট্ৰেইনিংত উৰ্ত্তীণ হোৱা বাবেহে আমাৰ নৰকত আহিবলৈ সুবিধাকন পালি বুজিছ ৷ তোক আমাৰ ইয়ালৈ অহাৰ বাবে স্বাগতম জনালোঁ ৷ বাৰু তই যা ৷

যম ৰজাই কলিংবেল বজোৱাদি ওচৰতে থকা ৰচী এডাল টান মাৰি দিলে ৷ টং টং কৈ ঘন্টা বজাৰ দৰে বাজি উঠিল ৷ আচলতে ৰচীডালৰ লগত মন্দিৰত ওলমাই থোৱা ঘন্টাৰ দৰে ঘন্টি এটা বান্ধি থোৱা আছিল ৷ যম ৰজাই ৰচীডাল টানি এইটো কলিংবেলৰ দৰে ব্যৱহাৰ কৰে ৷

নৱাগত সকলৰ ওচৰত ৰৈ থকা টকলা বৃহৎকায় অসুৰজনে নিৰ্দেশ দিলে ৷ নেক্সট যাব লাগে ৷ নৱাগতৰ মাজৰ পৰা অন্য এজন চিনাকি দিয়া নিদিষ্ট ঠাই ডোকৰলৈ আগবাঢ়ি গ’ল ৷

নৱাগত : যম ৰজালৈ নমস্কাৰ জনাই কৰযোৰে একেথিৰে চাই ৰ’ল ৷

যম : ঐ তই কি নৰকত ফুৰিবলৈ আহিলি ৷ কি নাম তোৰ ?

নৱাগত : থত্‌মত খোৱাদি খাই হয় চাহাব মোৰ নাম জিতেন কুৰ্মি চাহাব ৷

যম : ঐ তই নৰকত আছ ৷ মই নৰকৰ ৰজা যম ৷ মানে যম ৰজা বুজিছ৷

নৱাগত : হয় চাহাব৷

যম : ঐ তই বাৰু বাগানিয়া নেকি? অনবৰতে চাহাব চাহাব বলকি আছ৷ এইখন নৰক বুজিছ নৰক৷ ব্ৰিটিছে তহঁতক এৰি কেতিয়াবাই গ’লগৈ৷ তহঁতৰ কিন্তু চাহাব মুখৰ পাৰ নুগুছিল৷ তই এতিয়া বাগানত আছ বুলি ভাবি আছ নেকি?

নৱাগত : নাই চা.. হা… ব৷ মানে বাগানৰ লাইনত আছোঁ নে নৰকত আছোঁ ধৰিবই পৰা নাই চাৰ৷ আমাৰ চাহ বাগানৰ লাইনৰ অৱস্থা কিছুমান ঠাইত ইয়াতকৈ বেয়া চাহাব৷

যম: হ’ব বাৰু৷ তোৰো ভাগ্য ভাল নৰকত আহিবলৈ সুবিধা পালি৷ ইয়াত অলপ আৰাম পাবি বুজিছ৷ তই বাৰু হাড়িয়া বনাব পাৰ কি নাই? মোৰ ফেভাৰেট ড্ৰিংকচ এইটো৷

নৱাগত : হাড়িয়া বনাব জানো চাহাব ৷ হাড়িয়া নাখালে আমি থাকিবই নোৱাৰোঁ এইটো খালেহে আমি কাম কৰিব পাৰোঁ চাহাব।

যম : হব যা এতিয়া এই নৰকতে অলপ আৰাম কক৷ বহুতো কষ্ট পাই আহিছ বুজিছোঁ৷ তই মোৰ কাৰণে হাড়িয়া বনালেই হ’ব৷ তোক বেলেগ আৰু দুচৰা কাম নিদিওঁ যা এতিয়া৷

ঘন্টাত বান্ধি থোৱা ৰচীডাল টান মাৰি দিলে৷

2 views0 comments

Comments


bottom of page