top of page

নহয় নহয় পৰিশুদ্ধ

  • Jan 21, 2021
  • 1 min read

ধৰ্মশাস্ত্ৰ বাখ্যা মাথোন পুখুৰীৰ পুঠি মাছৰ চেলচেলনি

ৰিক্ত য’ত যোগাত্মক প্ৰেম প্ৰজ্ঞাৰ পৰমাৰ্থিকতা নিহিত পৰমাত্মিকতা পৰিব্যাপ্ত অখন্ডমণ্ডলমণ্ডিত অনন্ত সূৰ্য্যৰ উতপ্ত দীপ্তি

বাখ্যাকাৰীৰ ভ্ৰমাত্মক বাখ্যাই বিস্তাৰ কৰিব নোৱাৰে কোনোদিন প্ৰজ্ঞান প্ৰদীপ্ত প্ৰেমভক্তি উতীৰ্ণ নিৰ্মল নিৰৱধি নিস্পৃহ ভক্তিৰ জিলমিলনি

প্ৰদৰ্শন কৰিবলৈ নিত্য অসমৰ্থ দেহতত্ত্ব সমাহিত যোগতত্ত্বৰ গৰ্ভ নিসৃত প্ৰাচুৰ্য প্ৰজ্ঞান প্লাবিত স্বৰ্ণালী সন্মাৰ্গ

প্ৰাঞ্জল প্ৰেম উন্মূক্ত স্বৰ্ণমণ্ডিত অমেয় অমৃতময় মধুপ্ৰলুব্ধ কৃচ্ছ্ৰ নিৰলস সাধনা প্লাৱিত জ্ঞান বিজ্ঞান তদঙ্গ অতিক্ৰমী ৰহস্য ভেদীবলৈ হ’লে অসমৰ্থ বাহ্যিক ব্যাখ্যালব্ধ ধৰ্মজ্ঞান ভ্ৰমজ্ঞানমাত্ৰ

অনুধাৱন অনুশীলন অধ্যৱসায় অন্বিত প্ৰেমভক্তিৰে নিজক নকৰিলে সিক্ত অৰ্নিবান ধ্বনিত নহ’লে হৃদয়ত পাঞ্চজন্য গঢ়িব নোৱাৰিলে দেৱত্বৰ সূৰ্য্যোজ্জ্বল সৌধ জীৱন কালত নহয় নহয় জীৱন পৰিশুদ্ধ

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page