top of page

ধুমুহাক সোধা নাই

  • Sahitya Chorcha
  • Jan 16, 2021
  • 1 min read

কোনো দিন ধুমুহাক সোধা নাই, লগত আবেগ কিয় আনে সদায়?

বিজুলীক এদিনো সোধা নাই, পোহৰ লগত লৈ, কোন বাটেদি গুছি যোৱা তুমি!

জনতাৰ আগ্ৰহ দেখিছোঁ‌ নাজানো কি উৎসাহেৰে গৈছে সভা বোৰলৈ।

সৱল ইচ্ছাৰে ঢাপলি মেলিছে সভা ঘৰ শুৱনি কৰিছে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজায়।

সভাৰ পৰা উভতি আহোতে, কিবা জানো বুটলি আনিছে লগত তাক কোনোদিনা সোধা নাই মই!

সুদূৰত শুনিছোঁ‌ চিঞৰ, দেশৰ বাবে চলিছে আন্দোলন, ব্ৰজ কণ্ঠৰে গাইছে গীত বিপ্লৱৰ।

শীতৰ সেমেকা দিনত সচেতন মন বোৰ তীব্ৰ গতিত উৰি গৈ সন্মিলিত হৈছে ক’ত?

留言


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page