top of page

ধৰ্মৰ অৰ্থ বিছাৰি

  • Sahitya Chorcha
  • Jan 15, 2021
  • 1 min read

বিদ্যা অবিদ্যা সত্য অসত্য কৰ্ম অকৰ্ম সুন্দৰ অসুন্দৰৰ বিশুদ্ধ ধাৰণাই ধৰ্ম

ধৰ্ম ধৰ্ম বুলি উদ্ভ্ৰান্ত হ’লেই নহ’ব ধৰ্ম আৰু ধৰ্ম জ্ঞানৰ আকাশ পাতাল পাৰ্থক্য

আচাৰ ব্যৱহাৰ সামাজিক নিয়ম নহয় ধৰ্ম য’ত থাকে অধৰ্ম অসত্য অবিচাৰ অন্যায়ৰ প্ৰাচুৰ্যময় দম্ভ

ধৰ্ম ক্ৰমবিৱৰ্তনবাদী ক্ৰমবিকাশী সমূজ্জ্বল সেউজ জ্ঞানৰ তত্ত্ব সম্বলিত মহত্বনিহিত অত্যাশ্চৰ্য্য তীব্ৰতম জ্যোতি

জন্মজন্মাত্বৰৰ অনুশীলন বিকীৰ্ণ সাধন সন্নিৱিষ্ট চিৰন্তন জীৱন্ত যোগসমৃদ্ধ মৌলিক স্বীকাৰ্য্যপূৰ্ণ ব্ৰহ্মময় প্ৰেমৰ শাশ্বত ভাস্বত সমৃদ্ধি

যি সৰ্ব্বাঙ্গীন উন্নতিৰ চৰম সীমাত পৰ্য্যায়ক্ৰমে আত্মজ্ঞানী মানুহক সাৰল্যতাৰে কৰাই প্ৰৱিষ্ট প্ৰদান কৰে সত্য সুন্দৰ আধ্যাত্মতাত্ত্বিক দৃষ্টি

ধৰ্ম মানে নহয় শাস্ত্ৰ পঠন ধৰ্মীয় উৎসৱ উদযাপন নহয় সম্প্ৰদায়িক নিয়ম পালনৰ বাধ্যতামূলক ৰীতি নীতি প্ৰলিপ্ত কৰ্ম

ভক্তি প্ৰেম বিনম্ৰতা সত্য সুন্দৰ মাৰ্গৰে মন অন্তৰ প্ৰাঞ্জল উজ্জ্বল পৱিত্ৰ হ’লে স্বতঃস্ফূৰ্ততাৰেই মানৱৰ বৌদ্ধিক জ্ঞান অন্তৰত উপবিষ্ট হৈ স্বয়ংক্ৰিয় হয় ধৰ্মৰ তাত্ত্বিক মহত্ত্ব

ধৰ্ম আধ্যাত্মিক পৰমাৰ্থিক জ্ঞান দ্ৰষ্টা সত্য সুন্দৰ সুবলিত সুৰম্য জীৱন শ্লষ্টা পৰা অপৰাপ্ৰজ্ঞাৰ নিগূঢ় তত্ত্ব বিস্তৃত সৰ্বোত্তম মনিষামণ্ডিত সৰ্বশ্ৰেষ্ঠ মাৰ্গ প্ৰণৱ ধ্বনি য’ত অনিৰ্বাৰ প্ৰতিধ্বনিত

শাস্ত্ৰ পঠন শ্ৰৱন প্ৰতিস্থাপনে নিদিয়ে শক্তিশালী শ্ৰেষ্ঠাসন অতিক্ৰমো কৰিব নোৱাৰে দেৱদুৰ্লভ মনুষ্যত্ব

মানুহ নহ’লে সত্য স্পষ্ট যোগ নিৱিষ্ট ধৰ্মজ্ঞান নিষ্ঠ লভিব নোৱাৰে ব্ৰহ্ম সাযূজ্য

ধৰ্ম জীৱশ্ৰেষ্ঠ মানৱক আধ্যাত্মিক জ্ঞানেৰে সমূজ্জ্বল কৰি শ্ৰেষ্ঠত্ব প্ৰদান কৰাৰ মহত্বযুক্ত বীৰ্য্য

শাস্ত্ৰ পঢ়িলে শুনিলেই ধূপ চাকি জ্বলাই অৰ্পণ কৰি শৰাই বন্দন অৰ্চন নিৱেদন কৰিলেই ধৰ্মই প্ৰজ্বলিত নকৰে সত্য জ্ঞানৰ অনন্ত মহা সমুদ্ৰ

ধৰ্ম স্বৰ্ণমণ্ডিত শ্ৰেষ্ঠ জ্ঞান আহৰণৰ প্ৰজ্ঞাশীল চৰম সৰ্বোন্নতিৰ সৰ্বোত্তম সৰ্বগুণসমৃদ্ধ আধ্যাত্মিক আত্মোন্নতি সন্নিবিষ্ট দুৰ্লভ মনুষ্যজন্মৰ সুৰভিসুৱাসৰ সূৰ্য্য লক্ষ্য

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page