top of page

দুৰ্গতিনাশিনী দুৰ্গা

শৰতৰ নিশা, শেৱালিৰ সুবাসেৰে উপচি পৰিছে হোষ্টেলৰ চৌপাশটো। বেলকনিতে ৰৈ থকা অনন্যাই দীঘলকৈ উশাহটো টানিলে, শেৱালিৰ আমোল-মোল গোন্ধই তাইক বাৰে বাৰে মতলীয়া কৰিলে। ৰাতিৰ নিৰ্জনতা ভেদি কৰবাৰ পৰা ভাঁহি অহা চিঞৰে উন্মনা হৈ পৰা অনন্যাক শংকিত কৰিলে। ক্ৰমান্বয়ে চিঞৰবোৰ বাঢ়ি অহাৰ লগে লগে অনন্যাক ভয়টোৱে বেছিকৈয়ে আমনি কৰিলে। কোঠাটোলৈ বুলি খৰকৈ খোজ দিবলৈ লওঁতেই জ্বলি থকা লাইটবোৰ নুমাই চাৰিওফালে ঘনকলা আন্ধাৰে আৱৰি ধৰিলে। ইফালে মোবাইলটোও তাই বিচনাতে এৰি আহিল। ভয়তে অন্ঠ-কন্ঠ শুকাই যোৱা যেন অনুভৱ হ’ল অনন্যাৰ। কি হে যে পাইছিল এই ৰাতিখন এনেদৰে বাহিৰলৈ আহিবলৈ, নিজকে নিজেই খং কৰি খেপিয়াই খেপিয়াই কোঠাটোৰ দুৱাৰখন বিচাৰোতেই বেলকনিৰ কাষতে থকা ডাচবিনটোৰ ফালে চকু গ’ল অনন্যাৰ। অকণমানকৈ জ্বলি উঠা জুইৰ ফিৰিঙটি এটা আৰু চাৰিওফালে ধোঁৱা, বুকুখন জোৰকৈ হেঁচি ধৰি ৰৈ থকা ঠাইতে বহি পৰিল অনন্যা।

কৃষি বিশ্ববিদ্যালয়ত অধ্যয়নাৰ্থী অনন্যাই নতুনকৈ এই হোষ্টেলটোলৈ আহিছে।আগন্তুক দুৰ্গাপূজাৰ বাবে হোষ্টেলৰ ছোৱালীবোৰ ঘৰলৈ গৈছে, অনন্যাই দুদিন দেৰিকৈ যাম বুলি হোষ্টেলত অকলেই আছিল। যদিও আৰু কেইজনীমান ছোৱালী হোষ্টেলত আছিল, তথাপিও তাইৰ কোঠাটোৰ কাষৰ সকলোবোৰেই ইতিমধ্যে ঘৰলৈ গৈছিল। লগৰ বহুতেই কৈছিল, ইয়াত অকলে নাথাকিবা সোনকালে ঘৰ যোৱাগৈ। কিন্তু তাই বৰ সাহসেৰে প্ৰত্যুত্তৰ দিছিল, তাই দুদিন থাকিহে ঘৰলৈ যাব। কিয়নো পূজালৈ এতিয়াও তিনিদিন বাকী। কিন্তু অনন্যাই আজি এনে পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হ’ব বুলি কল্পনাও কৰা নাছিল। :বাইদেউ আপুনি ইয়াত কি কৰি আছে? অনন্যাই বহি থকাৰে পৰা তাইক উদ্দেশ্যি কোৱা কাৰোবাৰ মাতত চিঞৰি উঠিল। :কোন আপুনি? কি লাগে ইয়াত? :বাইদেউ, মই ৰহিম। গ্ৰিলত তলা লগাবলৈ আহোঁতেই আপোনাক এনেদৰে বহি থকাত মই এইখিনি পালোহি। এইবাৰহে অনন্যাই থিয় হৈ ৰহিমৰ মুখলৈ চালে, ইতিমধ্যে কাৰেন্টটোৰো প্ৰৱেশ ঘটিল। লাইটৰ পোহৰত ৰহিমৰ মুখখন জিলিকি উঠিল। ৰহিম হোষ্টেলৰ চকিদাৰ, বয়সত অনন্যাতকৈ সৰুৱে হ’ব।সেইয়ে অনন্যাই প্ৰথম দিনাৰে পৰা তাক ৰহিম বুলিয়ে মাতে।দেখাত শান্ত-শিষ্ট ল’ৰাটোৰ আচাৰ-ব্যৱহাৰো বৰ ভাল। ৰহিমৰ হাতত এইমাত্র নুমাই দিয়া চিগাৰেটৰ টুকুৰাটো দেখিহে অনন্যাই বুজিলে, তাই আন্ধাৰত দেখা জুইৰ ফিৰিঙটি আৰু ধোঁৱাৰ উৎসটো আছিল ৰহিমৰ চিগাৰেটটো। কিন্তু এতিয়াও সেই উৎকট চিঞৰবোৰ ভাঁহি আছে চৌদিশে, কি হ’ব পাৰে এইয়া। :ৰহিম, সেইফালে ইমান কিহৰ চিঞৰ-বাখৰ। :অহ, সৌ তাতে কবৰস্থান আছে। অলপ সময়ৰ পাছতেই তালৈ হাতত মম এডাল জ্বলাই লচমী দিদি আহিব , তাইৰ চিঞৰত আপুনি আৰু অশান্তি পাব । গতিকে শুই থাককগৈ যাওঁক। :লচমী, কোন লচমী? :সেইবোৰ বহুত কাহিনী, ইয়ালৈ আহিছে যেতিয়া নিশ্চয় জানিব। এতিয়া ভিতৰলৈ যাওঁক বহুত ৰাতি হ’ল। কথা কেইটা কৈ মিচিকিয়া হাঁহি এটি মাৰি ৰহিম আঁতৰি গ’ল।

ৰহিমৰ হাঁহিটোৰ আঁৰত অনন্যাই কিবা অজান ৰহস্যৰ গোন্ধ পালে। কোঠাটোলৈ সোমাই গৈ বিচনাতে বাগৰ দিলে অনন্যাই। কিন্তু, তাইৰ সমূলি টোপনি নাহিল। বাৰে বাৰে মনটোৱে প্ৰশ্ন কৰিলে, লচমী কোন? কিয় তাই হাতত মম জ্বলাই কবৰস্থানলৈ আহে, তাতে ইমান ৰাতিখন। বহু প্ৰশ্নই অগা-দেৱা কৰিলে চকুৰ সন্মুখত। নাই এনেকৈ নহ’ব, তাই ৰহিমক সুধি জানিব লাগিব লচমীৰ কথা। কোঠাটোৰ পৰা হাতত মোবাইলটো লৈ ৰহিম থকা কোঠাটোলৈ বুলি খোজ দিলে অনন্যাই। ৰহিমে দুৱাৰখন বন্ধ কৰিবলৈ লওঁতেই আকৌ অনন্যাক দেখি হতভম্ব হ’ল। ৰহিমে একো ক’বলৈ নাপাওঁতেই অনন্যাই ৰহিমৰ কোঠাটোলৈ সোমাই গৈ তাৰ বিচনাখনতে বহিল।

ৰহিমে অনন্যাৰ কৰ্মকাণ্ড দেখি মুখেৰে একো উচ্চাৰণ নকৰাকৈ তাইৰ মুখলৈ চাই থাকিল। :ৰহিম, লচমী কোন? তাইৰ কাহিনী আজি তুমি মোক ক’ব লাগিব। :কিন্তু, এই ৰাতিখন? আপুনি শুনিব বিচাৰিছে যদি মই ক’ম ।অলপ বহক ,মই দুৱাৰখন জপাই লওঁ। ৰহিমে দুৱাৰখন জপাই খিৰিকীখন মেলি দিলে। খিৰিকীখন মেলি দিয়াৰ লগে লগেই সেইফালেদি অহা বিকট চিঞৰত অনন্যাই ৰহিমৰ ওচৰ পালেগৈ। :সৌযে, পোহৰটো দেখিছে, সেইয়া লচমী দিদিয়ে মমডাল জ্বলাই লৈছে। এই সময়ত তাইৰ গগণফলা কান্দোনে চৌপাশটোত এক অসহ্যকৰ পৰিস্থিতিৰ সন্মুখীন কৰিব। :কিন্তু, লচমী দিদি হয় কোন? কিয় তেওঁৰ এনে আচৰণ। ভালকৈ বুজাই কোৱা মোক।

ৰহিমে অনন্যাৰ মুখলৈ চাই লচমী দিদিৰ ৰহস্যময়ী কাহিনীটো এফালৰ পৰা কৈ গ’ল। ৰহিমৰ কথাবোৰ শুনি অনন্যাৰ বুকুখন কপি গ’ল। থৰক্ বৰক্ কৈ তাই নিজৰ কোঠাত সোমালগৈ। বৰ ভাগৰুৱা যেন অনুভৱ হ’ল অনন্যাৰ। লচমী দিদিৰ জীৱনত ঘটি যোৱা কাহিনীবোৰে অনন্যাৰ সন্মুখত ধৰা দিলে। লচমীৰ কথা ভাৱি ভাৱি বিচনাতে পৰি দিলে তাই। লচমী আছিল সোণাপুৰ গাঁৱৰ চঞ্চলা ৰূপহী গাভৰু। যৌৱনে গৰকা বয়সতেই ভাৰতীয় সৈনিক বিভাগত কৰ্মৰত মুকুন্দৰ চকুত চকু থৈ সপোন দেখিবলৈ আৰম্ভ কৰিছিল তাই। এদিন দুয়োৰে প্ৰেমৰ পৰিণতিস্বৰূপে দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল। বিয়াৰ প্ৰায় এমাহৰ পাছতেই মুকুন্দই চাকৰিসূত্ৰে লচমীক এৰি কাশ্মীৰলৈ ৰাওনা হৈছিল পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে। লচমী ৰৈ থাকিল বৰ আশাৰে, সিহঁতৰ আহিবলগীয়া সন্তানটিৰ কথাও নাজানে মুকুন্দই। গতিকে সি আহিলেই ক’ম ক’ম বুলি ৰৈ থাকিল লচমী। মুকুন্দৰ মাক-দেউতাক সৰুতেই ঢুকাইছিল সেইয়ে মুকুন্দৰ অবিহনে লচমী অকলশৰীয়া হৈ পৰিছিল। প্ৰায় দুমাহৰ পাছতেই মুকুন্দ ঘৰলৈ উভতি অহাৰ খবৰ পাই লচমীয়ে আনন্দত আত্মাহাৰা হৈ পৰিছিল। অৱশেষত আশাৰ অন্ত পেলাই মুকুন্দ আহিছিল লচমীৰ কাষলৈ। বৰ উৎকন্ঠাৰে বাহিৰলৈ ওলাই আহিছিল লচমী, কিন্তু চোতালত শুৱাই থোৱা মুকুন্দৰ মৰাশটোৱে লচমীক আৰু আগবাঢ়ি যাবলৈ নিদিলে। ঠাইতেই জঠৰ হৈ পৰিল তাই। প্ৰায় এমাহমান একেৰাহে তাইক সন্মান দিবলৈ অহা মানুহেৰে ভৰি পৰিল সিহঁতৰ চোতাল, ঘৰ। বীৰ শ্বহীদৰ পত্নীক বহুজনেই সন্মানেৰে বিভূষিত কৰিলেহি। সময় বাগৰি গ’ল, বীৰ শ্বহীদৰ পত্নীক সন্মান জনাবলৈ অহা কিছুমান দানৱৰূপী পাষণ্ড লচমীহঁতৰ ঘৰলৈ অহা-যোৱা কৰাৰ কাৰণটো সলনি হ’ল। লচমীৰ শৰীৰৰ সৌন্দর্য সিহঁতবোৰৰ বাবে হৰিণাৰ মাংসই বৈৰীস্বৰূপ হৈ পৰিল। লাহে লাহে সিহঁতৰ কপট দৃষ্টিত এদিন লচমীয়ে নিজৰ সতীত্ব হেৰুৱাই পেলালে।

সগৰ্ভা লচমীয়ে বহুজনৰে সহায় বিচাৰিলে কিন্তু, তাইক কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহিল। বৰঞ্চ যিকেইজন মানুহে বীৰ শ্বহীদৰ পত্নী বুলি কেইদিনমানৰ আগতে তাইক সন্মান জনাইছিল, সেইকেইজন ব্যক্তিয়েও তাইক ভৎসনা কৰি কৈ গ’ল, :বিধৱা হৈ সুখ আৰ্জিলি, ঘৰতেই বেশ্যালয় সাজি ল’লি। মানুহৰ কথাবোৰত লচমীৰ জীয়াই থকাৰ ইচ্ছাও হেৰাই গ’ল। কিন্তু, তাই জীয়াই থাকিব লাগিব অন্তত তাইৰ আহিবলগীয়া সন্তানটোৰ বাবেই। অৱশেষত লচমীৰ কোলালৈ আহিল মেঘা। মেঘাৰ মৰমলগা মুখখনলৈ চাই লচমীয়ে পুনৰ জীয়াই থাকিবলৈ শিকিলে। কিন্তু মেঘাক লৈ লাহে লাহে লচমীৰ মনত বহু ভয়-শংকাৰ সৃষ্টি হ’ল। তাই নিজেই নিৰাপদ নহয়, গতিকে ইয়াত মেঘাক কেনেকৈ নিৰাপত্তা দিব। মাতৃত্বৰ নিৰাপত্তা ছিঙি যদি এদিন লচমীৰ দৰেই মেঘাইও পাষণ্ড দানৱৰ আঁচোৰত ধাৰাশায়ী হ’ব লগা হয়। নাই, তাই এনে হ’বলৈ দিব নোৱাৰে কেতিয়াও। মেঘাৰ জন্মৰ প্ৰায় সাতদিনৰ পাছতেই ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ ঘৰ এৰি কৃষি বিশ্ববিদ্যালয় খনৰ কাষতেই থকা কাৰোবাৰ এলাগী হৈ পৰা জুপুৰী এটাত আশ্ৰয় লৈছিলহি লচমীয়ে।

ক্ৰমান্বয়ে মেঘা ডাঙৰ হ’ল কিন্তু, আন ছোৱালীবোৰৰ দৰেই তাই সুস্থ-সৱল নহ’ল। কথাবোৰ ক’লে সহজে বুজিব নোৱাৰে, শাৰীৰিক ভাৱে দুৰ্বল হৈ জন্ম ল’লে মেঘাই। লচমীয়ে বুজিছিল, মাকৰ গৰ্ভত থকা সময়ছোৱাত পেটত পোৱা আঘাত বোৰৰ ফলতেই আজি মেঘাৰ এই অৱস্থা। তথাপিও লচমীয়ে হাৰ মনা নাছিল। মানুহৰ ঘৰে ঘৰে ইখন সিখন কাম কৰি তাই আৰু মেঘাৰ জীৱনটো সঠিক মতেই চলাই নিছিল।ওচৰৰে স্কুল এখনত লচমীয়ে মেঘাক নামভৰ্তি কৰাই দিছিল, কিন্তু সকলোৱে মেঘাক বেঙী বেঙীকৈ আগভেটি ধৰাত পিছদিনাৰে পৰা তাইও স্কুল যাবলৈ মন নকৰা হ’ল।

এনেদৰেই মেঘাই ষোল্ল বছৰত ভৰি দিলে। বহুজনেই মেঘালৈ লোলুপ্ দৃষ্টি নিক্ষেপ কৰা লচমীয়ে মন কৰিলে, সেইয়ে মেঘাৰ সৰলতাৰ সুযোগ লৈ যাতে কোনেও তাইক অপকাৰ কৰিব নোৱাৰে সেইবাবে লচমীয়ে মেঘাক সদায় লগত লৈ ফুৰে । কেতিয়াবা মেঘাৰ কথাবোৰত লচমীয়ে যেনেদৰে তাইৰ শেষ হৈ যোৱা সপোনবোৰ ন কৈ দেখিবলৈ আৰম্ভ কৰে, ঠিক সেইদৰে মেঘাৰ কিছুমান কথাই লচমীক চিন্তাত পেলায়। মেঘাই প্ৰায়ে কয়, :মা, বাপেক মানে কি নো? মোৰ বাপেক ক’ত? মোক যে মানুহবোৰে দেখিলেই বেঙী বেঙীকৈ জোকাই, ইমান যে হাঁহে। সিহঁতে যেতিয়া হাঁহে মইও হাঁহো আৰু সকলোৱে কয়, চা চা বেঙীৰ হাঁহি। বাপেক নাই ভালেই হ’ল, এই বেঙীজনীক কোন বাপেকে নিজৰ ছোৱালী বুলি গ্ৰহণ কৰিব। অ’ মা মোৰ বাপেকে মোক বেয়া পাই আঁতৰি গ’ল নি? আৰু তুমিও মোক এনেকৈ এৰি দিবা নেকি? মেঘাৰ কথাত লচমীয়ে জোৰকৈ তাইক সাৱটি ধৰে। কিদৰে বুজাব তাই এই ছোৱালীজনীক। এটা বিষাদৰ হাঁহি মাৰি বেলেগ কিবাকিবি কথাৰে পাহৰাই পেলাব বিচাৰে মেঘাৰ মনত সোমোৱাই দিয়া বিষাক্তবীজ বোৰ। এনেদৰেই সময়বোৰ পাৰ হৈ গৈ থাকিল।

সেইদিনাৰ কথা, দিনটোৰ কৰ্মব্যস্ততাৰ বাবে লচমীয়ে ঘৰলৈ মম আনিবলৈ পাহৰিলে। কেৰাচিনৰ চাকিটোও শুকান। ইফালে বিজুলীচাকি জ্বলাবলৈ তাইৰ সামৰ্থ নাই। ৰাতি হৈ অহাত মেঘাই হুলস্থূল আৰম্ভ কৰিছে, তাই আন্ধাৰত থাকিব নোৱাৰে। লচমীৰ বহুবুজনিয়েও মেঘাক মনাব নোৱাৰিলে। লচমীয়ে মেঘাক লগত লৈ যাওঁ বুলি কোৱাটো মেঘা অমান্তি হ’ল। অৱশেষত লচমীয়ে মেঘাক ঘৰতে থৈ দোকানলৈ বুলি খোজ ল’লে। লচমীৰ অনুপস্থিতিত মেঘা বাহিৰলৈ ওলাই আহি মুক্ত আকাশৰ তলত বিচৰণ কৰিলে। অজান-অবুজ শিশুৰ দৰেই তাই নাচিলে হাঁহিলে। সেইসময়তেই কোনোবা দুষ্টপ্ৰকৃতিৰ লোকে আন্ধাৰৰ সুযোগ লৈ কোনো নথকাৰ সুবিধা বুজি ,অসৎ কামনা পূৰণৰ অৰ্থে প্ৰচণ্ড জোৰেৰে মেঘাক টানি লৈ গ’ল, হয়তো কবৰস্থানৰ ফালে। হাতত মমডাল লৈ লচমীয়ে ঘৰ পাইয়ে মেঘাক চিঞৰিলে।কিন্তু, মেঘাৰ পৰা কোনো সঁহাৰি নাপাই ভিতৰলৈ বুলি সোমাই যাওঁতেই সন্মুখতে পৰি থকা মেঘাৰ কাপোৰৰ ফটা অংশ দেখি লচমীৰ বুকুখন চিৰিংকৈ গ’ল। মমডাল জ্বলাই লৈ তীব্ৰ স্বৰে চিঞৰিলে লচমীয়ে , কিন্তু মেঘাৰ কোনো প্ৰত্যুত্তৰ নাহিল। সময়বোৰ বাঢ়ি অহাত, লচমীৰ বুকুখন অজান আশংকাত কঁপিবলৈ ধৰিলে।

হঠাৎ সিহঁতৰ ঘৰটোৰ পিছফালে থকা কবৰস্থানৰ পৰা অহা এক অদ্ভুত চিঞৰত লচমীয়ে একে উশাহতে কবৰস্থান পালেগৈ। অলপ আগতে কোনোবাই সৎকাৰ কৰি যোৱা মৃতকৰ দেহ এটা তাইৰ চকুত পৰিল, তাৰ পৰা আঁতৰি যাবলৈ লওঁতেই প্ৰচণ্ড বতাহে মমডাল নুমোৱাই দিলে। উভতি চাই জোনৰ পোহৰত দেখা দৃশ্যটো দেখি লচমীৰ মূৰত সৰগখন ভাগি পৰা যেন অনুভৱ হ’ল। অলপ আগতে এৰি যাবলৈ লোৱা সেইটো মৃতদেহ নাছিল, সেইয়া আছিল অলপ পৰৰ আগতে পাষণ্ড দানৱে ক্ষোধা পূৰণ কৰি যোৱা লচমীৰ মৰমৰ মেঘাজনী। লচমীয়ে নিজৰ চকুকেইটাকে বিশ্বাস কৰিব পৰা নাই।কিয় তাই মেঘাক এনেদৰে অকলে এৰি গৈছিল। লচমীয়ে কান্দি কান্দি মেঘাৰ মৃতদেহটো বুকুৰ মাজত সাৱটি লৈ, নিজৰ চাদৰখনেৰে তাইৰ উলংগ হৈ পৰা শৰীৰটো ঢাকি দিলে। লচমীৰ চিঞৰত আশে-পাশে থকা মানুহবোৰ ইতিমধ্যে গোট খাই মেঘাৰ মৃতদেহটোৰ সৎকাৰ কৰাৰ ব্যৱস্থা কৰিছিল। মানুহবোৰে বহু জোৰ কৰিও বহুপৰ লচমীৰ বুকুৰ মাজৰ পৰা মেঘাক টানি আনিব পৰা নাছিল। তাই চিঞৰি চিঞৰি কান্দিছিল, :মোৰ মেঘাই আন্ধাৰত থাকিব নোৱাৰে, তাইক এনেকৈ আন্ধাৰত নাৰাখিবি অ’ মম ডাল জ্বলাই দে। লচমীৰ বুকুভঙা কান্দোনত আকাশেদি বৰষুণ জাক সৰি পৰিছিল। ইতিমধ্যে মানুহবোৰে মৃতদেহটো সৎকাৰ কৰি ঘৰা-ঘৰি গৈছিল। আনকি কোনেও পুলিচক এই ঘটনাটোৰ খবৰেই নিদিলে, সভ্য সমাজখনত মেঘাৰ দৰে দুৰ্ভগীয়া ছোৱালীবোৰৰ যেন কোনো স্থান নাই।

নিজৰ জীৱনৰ সৈতে ঘটি যোৱা ঘটনাবোৰ পাহৰিও ছোৱালীজনীৰ বাবেই জীয়াই থকা লচমীয়ে এই ঘটনাৰ পাছতেই মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। প্ৰত্যেক দিনাই দিনৰ দিনটো অ’ত ত’ত ঘূৰি ফুৰে, সন্মুখত পুৰুষৰ আগমন ঘটিলেই খেদি যায় লচমীয়ে। বহুকেইজন নিৰপৰাধী মানুহো তাইৰ লাঠিৰ কোবত আঘাতপ্রাপ্ত হৈছে, কাৰণ তাইৰ চকুত প্ৰত্যেকজন পুৰুষেই ঘৃণাৰ পাত্ৰস্বৰূপ হৈ পৰিল। আৰু ৰাতি, আন্ধাৰ হোৱাৰ লগে লগেই মমডাল জ্বলাই কবৰস্থানলৈ যায়, কাৰণ তাইৰ ছোৱালীজনীয়ে আন্ধাৰলৈ ভয় কৰে। আৰু কবৰস্থান পাইয়ে চিঞৰি চিঞৰি চৌপাশটো ভয়ঙ্কৰ পৰিৱেশৰ সৃষ্টি কৰে। ৰহিমে অৱশেষত কোৱা কথাকেইটালৈ মনত পৰিল অনন্যাৰ। :বাইদেউ, ৰাতি কবৰস্থানলৈ যোৱা বহুতৰে মুখত শুনিছো , মম জ্বলাই লচমী দিদি অহাৰ লগে লগে মেঘাও আহে, আৰু দুয়োৱে তাত চিঞৰ বাখৰ কৰি সকলোকে আমনি কৰে। আৰু কি জানে, সেই কবৰস্থানলৈ যোৱা আৰু লচমীৰ কাহিনী শুনা, নাইবা এই ৰহস্য উদ্ঘাটন কৰিব বিচৰা বহু মানুহেই বৰ অদ্ভুত আচৰণ কৰিবলৈ লয়। মই তাৰ প্ৰমাণো পাইছো। আপোনাৰ দৰে বহুকেইজনী ছোৱালীয়ে এই কাহিনীটো শুনিবলৈ আগ্ৰহী হৈ পৰে আৰু তাৰ পাছতেই তেওঁলোকৰ আচৰণ বোৰ সলনি হয়। মানুহবোৰে কয় সেই কবৰস্থানৰ প্ৰেতাত্মাই আহি শৰীৰত থিতাপি লয় আৰু সেই প্ৰেতাত্মাই পুৰুষক একেবাৰে সহ্য নকৰে, সেইয়ে মই আপোনাক এইবোৰ কথা কোৱা নাছিলো।

ৰহিমৰ কথাবোৰে অনন্যাক এক ৰহস্যময় ঘটনাৰ সন্ধান দিলে। চিন্তাৰ ওৰ পেলাই, বাজি উঠা মোবাইলটো অনন্যাই ৰিচিভ কৰিলে।অনন্যাৰ মাকৰ ফোন, মাকে আনটো ফালৰ পৰা কোৱা কথাখিনি নুশুনাকৈয়ে অনন্যাই কৈ গ’ল :মা, এইবাৰ দুৰ্গা পূজাত নিৰীহ জীৱবোৰ বলি দি দুৰ্গা মাক পূজা কৰাতকৈ, মানুহৰূপী দানৱ পুৰুষৰ তেজবোৰ দুৰ্গা মা লৈ উচৰ্গা কৰিবা। মাকে সন্তানৰ তেজ পি সন্তোষ্ট নহয়, গতিকে মিছাতেই নিজৰ সুখ বিচাৰি নিৰ্দোষী জীৱবোৰক হত্যা কৰি আনন্দৰ কিৰীলি মৰাতকৈ, মুক্ত আকাশখন চাবলৈও সংকোচ বোধ কৰিবলৈ বাধ্য কৰোৱা, অৱলাৰূপে জ্ঞান কৰা নাৰীৰ শৰীৰটোক লৈ নিজৰ খন্তেকীয়া আনন্দত বিলীন হোৱা নাৰী ধৰ্ষণকাৰী পশুবোৰক বলি দি দেৱী মাৰ চৰণত অৰ্পণ কৰিবা। ধৰ্ষিতা, সমাজৰ লঞ্ছিতা-বঞ্চিতা , দুৰ্ভগীয়া বুলি জ্ঞান কৰা প্ৰত্যেক নাৰীয়ে কিৰীলি পাৰি হাঁহিব। নহ’লে তোমালোকৰ ছোৱালীজনীও ইহঁতবোৰৰ চকুত সাৰি নাযাব অ’ মা। ন্যায় বিচাৰি বিচাৰি ফুৰোঁতে এদিন নাৰীজাতিটোৱে ধ্বংসৰ গৰাহত পৰিব। গতিকে মোৰ মতেই সকলো কৰিবা। নহ’লে, ছোৱালী জন্ম নিদিও বুলি প্ৰত্যেককেই প্ৰতিজ্ঞাবদ্ধ হ’বলৈ আহ্বান কৰা। ইমানতেই নাৰীজাতিটো ইতিহাস হৈ ৰওঁক। কথাখিনি কৈ অনন্যাই ফোনটো কাটি দিলে, দুটোপাল চকুলো নিগৰি আহিল তাইৰ। গাৰুটো বুকুত সাৱটি ল’লে অনন্যাই। তাইৰ এনে অনুভৱ হ’ল, মনৰ মাজত গোজৰি-গুমৰি থকা কথাবোৰ যেন তাই অকলেই বিৰ্ বিৰাই থাকিবলৈ ধৰিলে।

ইফালে অনন্যাৰ মাক দুৰ্ঘোৰ চিন্তাত পৰিল, দুৰ্গা পূজা বুলিলেই আনন্দত নাচি উঠা ছোৱালীজনীৰ এই আচৰণে তেওঁক হতভম্ব কৰিলে। হঠাৎ দুৱাৰখন কোনোবাই টুকুৰিয়াই থকাৰ শব্দ শুনি অনন্যাই বিচনাখনৰ পৰা উঠি গ’ল, কি আচৰিত দুৱাৰখনচোন নাই। অনন্যা নিজৰ কোঠাত নহয়, তাই যেন কবৰস্থানৰ কোনোবা এটা কবৰৰ ওপৰতেই শুই আছে।চিঞৰি চিঞৰি হাঁহিছে কান্দিছে। কিন্তু অলপ আগতে নিজৰ কোঠাত শুই থকা অনন্যা আহি এইখিনি কেনেকৈ পালেহি। তাই নিজকেই বহু প্ৰশ্ন কৰিলে, কিন্তু উত্তৰত আহিল জাউৰিয়ে জাউৰিয়ে হাঁহিৰ খিল-খিলনি। তাৰ মানে তাই ৰহিমৰ কোঠাৰ পৰা নিজৰ কোঠাটোলৈ অহা নাছিল। আহিছিল কবৰস্থানলৈ, কিন্তু কেনেকৈ? ক’ৰপৰা কি হ’ল এই সকলোবোৰ তাইৰ সপোন যেন অনুভৱ হ’ল। কথাবোৰ ভাৱি ভাৱি অচেতন হৈ পৰি ৰ’ল অনন্যা।

কবৰস্থানটোতে অৰ্ধমৃত অৱস্থাত উদ্ধাৰ হোৱা অনন্যাক মাক-দেউতাক আৰু পৰিয়ালৰ মানুহ লগ লাগি হস্পিতেলত ভৰ্তি কৰালে। বহু চিকিৎসাৰ অন্তত অনন্যা শাৰীৰিকভাৱে সুস্থ হ’ল কিন্তু মানসিকভাবে যেন তাই অসুস্থ হৈ পৰিল।তাইৰ অদ্ভুত আচৰণবোৰে সকলোকে হতবাক কৰিলে। ৰহিমে অনন্যাৰ মাক-দেউতাকক সকলো কথা বিৱৰি ক’লে।ৰহিমকে আৰম্ভ কৰি লচমীৰ কাহিনীটোৰ সৈতে পৰিচিত বহুতেই অনন্যাৰ শৰীৰত প্ৰেতাত্মাই থিতাপি ল’লেহি বুলি মাক-দেউতাকক অৱগত কৰিলে। তেওঁলোকৰ কথাবোৰত অনন্যাৰ মাকে ডাক্তৰজনক বাৰে বাৰে প্ৰশ্ন কৰিলে, :চাৰ, মোৰ ছোৱালীজনীৰ কি হৈছে? কিয় তাই মানুহৰ তেজ খাম, পুৰুষৰ তেজ খাম কৈ চিঞৰিছে। মানুহবোৰে কোৱাৰ দৰে প্ৰেতাত্মা.. কথাখিনি শেষ হ’বলৈ নাপাওঁতেই ডাক্তৰজনে বাধা দি অনন্যাৰ মাকক প্ৰত্যুত্তৰ দিলে, :মিছেচ শইকীয়ানী,আপুনি শিক্ষিত সমাজৰ বাসিন্দা হৈও এইবোৰ অন্ধবিশ্বাস কিয় মানি লৈছে। অৱশ্যে বৰ্তমান পৰিস্থিতিটোত আপোনাৰ বিবেকে একো কাম কৰিব পৰা নাই মই বুজিছো। কিন্তু, এইবোৰ কোনো প্ৰেতাত্মাৰ কথা নহয়। লচমীৰ কাহিনীয়ে অনন্যাৰ মনত বহু হতাশাৰ সৃষ্টি কৰিছে। তাতে বৰ্তমান পৃথিৱীখনত চলি থকা ঘটনাবোৰে ছোৱালীবোৰৰ মনত এটা প্ৰশ্নই বাৰে বাৰে আমনি কৰিছে, “নাৰী হৈ জন্ম লোৱাটোৱে ভুল নেকি?” গতিকে সিহঁতৰ মনৰ ধাৰণা বোৰ সলনি কৰিব পৰাকৈ মানুহৰ মানসিকতা বোৰ, অসৎ কামনাবোৰ সলনি কৰিব পাৰিব লাগিব। নহ’লে কেৱল মেঘা, লচমী, অনন্যাৰে নহয় বহুজনী মেঘাৰ, বহুজনী অনন্যাৰ সোণালী জীৱনটো আধাতেই মৰহি যাব। গতিকে এইবোৰ চিন্তা নকৰি, আপোনালোকে তাইক যুগ্ম চিন্তা কৰিব পৰাকৈ সক্ষম কৰক। সদায় কাষত থাকি তাইক সংগ দিয়ক, নিশ্চয় তাই সোনকালে সুস্থ হৈ উঠিব।

ডাক্তৰজনৰ পৰামৰ্শ মতে সকলোৱে অনন্যাক লৈ ঘৰলৈ যাবলৈ বুলি ওলাল। ইতিমধ্যে ৰহিম অনন্যাৰ ওচৰলৈ আহিছিল। সি হস্পিতেললৈ আহিছিল যদিও অনন্যাৰ কাষলৈ অহা নাছিল। ৰহিমে অনন্যাৰ ওচৰ পোৱাৰ লগে লগেই হুইলচেয়াৰখনৰ পৰা উঠি সুস্থ মানুহৰ দৰেই অনন্যাই ৰহিমক তীব্ৰ জোৰেৰে খেদি গ’ল। মানুহবোৰে ঘটনাটো দেখি শিল পৰা কপৌৰ দৰে মাথো চাই থাকিল।ৰহিমে বহুদূৰ দৌৰিও তাইৰ পৰা হাৰিব নোৱাৰিলে,হস্পিতেলৰ সন্মুখৰ বাৰান্দাতে বাগৰি পৰিল ৰহিম। তাৰ এনে অনুভৱ হ’ল, চুলি মেলি তাৰ ফালে তীব্ৰ চাৱনিৰে চাই থকা এইয়া অনন্যা নহয়, এইয়া যেন স্বয়ং দুৰ্গতিনাশিনী দুৰ্গাদেৱী। হৃদয়ত ক্ৰোধাগ্নি জ্বলাই দুৰ্গাই মহিষাসুৰক বধ কৰিবলৈহে যেন আগুৱাই আহিছে। ৰহিমে চিঞৰি চিঞৰি বিননি জোৰিলে :মোক নামাৰিব, মা। মেঘাক ধৰ্ষণ কৰাৰ লগত মইয়ো জড়িত আছিলো। মইয়ে লচমী দিদি ঘৰৰ পৰা আঁতৰি যোৱা কথাটো লক্ষ্য কৰি বাকী কেইটাকো কৈছিলো।কিন্তু এই কাহিনী সদায় লুকাই থাকিল, আৰু আমি নিজৰ অসৎ কামনাবোৰ পূৰণ কৰি এনেদৰেই সফল হৈ অসৎ কামবোৰ কৰি কৰি আগুৱাই গৈ থাকিলো। আৰু মইয়ে সকলোৰে মনত ,হোষ্টেললৈ অহা প্ৰত্যেক গৰাকী আবাসীৰ মনতেই ভৰাই দিছো যে লচমীৰ কাহিনী জানিব বিচৰাসকলৰ শৰীৰত প্ৰেতাত্মাই বাস কৰে। আৰু এই কথা জনাৰ পাছত বহু ছোৱালীয়ে একো প্ৰশ্ন নকৰে। কিন্তু অৱশেষত মই হাৰি গ’লো। আজি অজানিতেই মই নিজৰ মৃত্যুক নিজেই মাতি আনিলো,সকলো কথা আপোনা-আপুনি স্বীকাৰ কৰিবলৈ বাধ্য হ’লো। মই….. ৰহিমৰ কথা শেষ হ’বলৈ নাপাওঁতেই অনন্যাই তাক শৰীৰৰ সমস্ত শক্তিৰে ধৰি নি হস্পিতেলৰ পকীবেৰখনত প্ৰচণ্ড জোৰেৰে তাৰ মূৰটো মাৰি দিলে। বহু সময় এনেদৰে অনন্যাই কৰা আঘাতৰ কোবত ৰহিমৰ দেহটো অৱস হৈ পৰিল। অনন্যাই ও চিঞৰি চিঞৰি অৱচেতন হৈ ঠাইতেই ঢলি পৰিল। সিহঁতৰ চাৰিওফালে আৱৰি ধৰা মানুহবোৰে ঘটনাটো চাই থাকিল। হৈ যোৱা ঘটনাটোৱে, ৰহিমৰ কথাবোৰে সকলোকে হতবাক কৰিলে। কোনেও আগবাঢ়ি নাহিল, ৰহিমক অনন্যাৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাইবা অনন্যাক সেই কামৰ পৰা বঞ্চিত কৰিবলৈ। সকলোৱে থৰ্ হৈ চাই ৰ’ল মাথো সন্মুখৰ ঘটনাটো।

মানুহৰ ভিৰৰ মাজেদি হঠাৎ ক’ৰবাৰ পৰা দৌৰি আহিল লচমী। হাতত মমৰ সলনি তাইৰ ফটাচাদৰৰ আঁচলত ফুলৰ থোপা। ফুলবোৰ অনন্যাৰ গালৈ ছটিয়াই লচমীয়ে উৎফুল্লিত হৈ নাচিলে, হাঁহিলে। নাচোনৰ মাজতে হাঁহি হাঁহি সুস্থ মানুহৰ দৰেই তাই চিঞৰি চিঞৰি কৈ গ’ল, :ন্যায় বিচাৰিলে, আমাৰ লগত অন্যায়হে হ’ব। সেইয়ে, সময়ে সময়ে দুৰ্গাৰূপী নাৰীয়ে অসুৰবোৰৰ নিধন কৰিব লাগিব আৰু চিঞৰি চিঞৰি ক’ব লাগিব, “আমিও মুক্তমনে মুক্ত আকাশৰ তলত উৰিব পাৰিম। কিন্তু, যুগে যুগে অসুৰ নিধন হোৱাৰ দৰেই, এই যুগৰ অসুৰবোৰো নিধন কৰিব’ই লাগিব।” ৰহিমৰ মূৰৰ পৰা বৈ যোৱা তেজ বোৰ গালে-মুখে সানি ভৰিৰে গচকিলে তাৰ মৃত শৰীৰটো। অৱশেষত, ৰহিমৰ শৰীৰটোত প্ৰচণ্ড ঘৃণাৰে থু পেলাই সেই ঠাই ত্যাগ কৰিলে লচমীয়ে। ইতিমধ্যে পুলিচ আহি সকলো ঘটনাৰ তদন্ত আৰম্ভ কৰিলে।অনন্যাক চিকিৎসাৰ বাবে পুনৰ হস্পিতেলত ভৰ্তি কৰিলে। এটি গোপন ৰহস্য অজানিতেই সকলোৰে সন্মুখত ফাদিল্ হ’ল। ঘটনাটোৰ ওৰ্ পৰাৰ পাছতেই তাত উপস্থিত থকা সকলো মানুহ আঁতৰি গ’ল। মাথো শাৰদীয় দুৰ্গা পূজাৰ আয়োজন কৰা পূজা মণ্ডপবোৰৰ পৰা ভাঁহি অহা মন্ত্ৰ ধ্বনিবোৰ প্ৰতিধ্বনি হৈ চোদিশে বিয়পি পৰিল—

ঔম জয়ন্তী , মংগলা, কালী ,ভদ্ৰকালী, কপালিনী , দুৰ্গা, শিৱা , কষ্মা,ধাত্ৰী , স্বাহা, স্বাধা, নমস্তু তে। এষা সচন্দনা গন্ধা পুষ্পা বিল্বা পত্ৰাঞ্জলি , ঔম হ্ৰিং দুৰ্গায় নমঃ। ।

0 views0 comments

留言


bottom of page