১৯৮৬ চন মানৰ কথা হ’ব৷ দুপৰীয়া স্কুল চুটীৰ পাছত ঘৰৰ আগফালৰ বাৰান্দাৰ দীঘল বেঞ্চখনত পেটখালা খাই গল্প পুথি এখন পঢ়ি আছিলো ৷ তেনে সময়তে মোৰ বৰদেউতা ৰত্নকান্ত চৌধুৰী (বটল বৰতা) আহি ঠুতৰিটোত চেপি মৰমতে মাতিলে, ফোচ ব’ল আজিটোক বিয়াখন খাবলৈ গেৰন্টত লৈ যাম৷ সাধাৰণত মুৰৰ পকা চুলি উঘালি দিয়া, ঘামচি ফুটাই দিয়া, বাৰীৰ বেৰকোৰত তমাল বান্ধি দিয়া ইত্যাদিবোৰ কাম কৰি দিবলৈ মাতিলে বৰতাই ঠুতৰিত চেপি মৰমতে মোক ফোচ বুলি মাতে৷ বৰতাই হাতৰ টিপত লৈ থকা চাৰি অনা বা আধলিৰ উমান পালেই লৰা লৰি কৈ বৰতাৰ কামত হাত উজান দিও৷ অৱশ্যে তাৰ মাজতে পেচাব কৰি আহো বুলি কেতিয়াবা মুৰ পোলোকা মাৰি পলাই পত্ৰং ও দিও৷ যি কি নহওক বৰতাই মোক বিয়া খাবলৈ যোৱাৰ প্ৰস্তাৱ দি গুছি যোৱাৰ পাছত দেউতাৰ ওচৰ পালো৷ শৈশৱত মই পঢ়াশুনাৰ বিজুতি ঘটায় বিয়া আদি খাবলৈ যোৱাটো দেউতাই বৰ এটা পচন্দ নকৰিছিল ৷ দেউতাৰ অনুমতি অবিহনে যিকোনো অনুস্থানলৈ যোৱাৰ কথা মই ভাবিবই নোৱাৰিছিল৷ পাছে সেইদিনাখন বৰতাৰ লগত গেৰেন্টৰ সেই বিশেষ বিয়াখনলৈ যাবলৈ দেউতাই অলপো বাধা দিয়া নাছিল৷ কুৰুৱা হাইস্কুলৰ কাষৰ ৰাস্তাটোৱেদি নামি পথাৰৰ মাজে মাজে যোৱা আলিবাটেৰে বৰতাৰ লগে লগে বিয়া খাবলৈ বুলি গৈ থাকিলো৷ পথাৰৰ মাজত কংক্রিটৰ দীঘল দীঘল নৰ্দমা দেখি মোৰ মনত প্ৰশ্ন উদয় হোৱাত সেইবোৰ দৰাচলতে কি বুলি সুধিলো৷ বৰতাই সেইবোৰ খেতিত পানী যোগান ধৰিবৰ কাৰণে সজা নৰ্দমা বুলি ক’লে৷ ১৯৬০ চনলৈ সেই পথাৰখন এখন অটব্য অৰণ্য আছিল বুলি ক’লে৷ এজন নেপালী মানুহৰ উদ্যোগত সেই হাবিখনে এটা সময়ত মোট সলাই পথাৰৰ ৰূপ ল’লে, সমবায় গঠন হ’ল আৰু কুৰুৱাৰ পথাৰত এক নতুন সেউজ বিপ্লৱৰ সূচনা হ’ল৷ হাবি ভাঙি তৈয়াৰ কৰা পথাৰখনৰ পাঁচশ বিঘা মান বাম মাটিত কংক্ৰিটৰ নৰ্দমাৰে বিনা যা-যন্ত্র নোহোৱাকৈয়ে বৰনদীৰ পানীৰ যোগান আৰম্ভ হ’ল৷ চন পৰা মাটিত ধান মাহ লহপহাই উঠিব ল’লে৷ মাত্র প্ৰাথমিক বিদ্যালয়লৈ পঢ়া মানুহ জনে তেতিয়াৰ দৰং জিলাৰ সদৰ তেজপুৰ আৰু অসমৰ ৰাজধানী শ্বিলঙলৈ নিজৰ অনুগামীসকলৰ লগত বাটকুৰি বাই গৈ চৰকাৰক খাটনি ধৰি কুৰুৱাৰ পৰা গেৰেন্ট আৰু ডুমুনীচকীলৈ যোৱা পথচোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল৷ বৰতাৰ মুখত সেই মহান দূৰদৰ্শী কৃষকজনৰ কথা শুনি শুনি আহি অবশেষত বিয়াঘৰ পালেহি৷ সোমাই আহোতেই দুৱাৰমুখতে আদৰি লৈ গ’ল আমাৰ স্কুলৰ বিষয় শিক্ষক শ্ৰদ্ধাৰ বলবাহাদুৰ চাৰে৷ তেতিয়াহে গম পালো যে চাৰৰ দুয়োজনী ভনীয়েকৰ একেদিনাই বিয়া হৈছে৷ চাৰে বৰতা আৰু মোক আদৰ সাদৰ কৰি অভ্যৰ্থনা কক্ষলৈ লৈ গ’ল৷ পেট পূৰাই খোৱাৰ পাছত কইনাক উচৰ্গা দিয়া পাছত বৰতাই মোক লগত লৈ চাৰহঁতৰ চৰাঘৰ পোৱালেগৈ৷ চৰাঘৰত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে মানুহ এজনৰ ফটোখনত এডাল ফুলৰ মালা ওলমাই এগছি বন্তি জ্বলাই থোৱাৰ বাবে তেওঁ চাৰহঁতৰ কিবা লাগে নেকি বুলি সোধাত বৰতাই হাঁহি এটা মাৰি ক’লে, ধেইত সেইজন অন্তৰি মহাজন, বল বাহাদুৰ মাষ্টৰ আৰু এই কইনা দুজনীৰ বাপেক৷ এই অন্তৰি মহাজন মানে ডম্বৰু বাহাদুৰ চেত্রীৰ কথাই তোক তেতিয়াৰ পৰা কৈ আহিছিলো৷ তেওঁৱেই বমন আৰু কুৰুৱাৰ পথাৰত সেউজ বিপ্লৱৰ সূচনা কৰিছিল বুলি জানিব পৰাত মোৰ শিশু মনটোও সেইদিনাখন তেওঁৰ প্ৰতি শ্ৰদ্ধাত দো খাই পৰিছিল৷ পাছলৈ কৰ্মসুত্ৰে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তেলেংগনাজিলাৰ ভিতৰুৱা অঞ্চললৈ যেতিয়াই গৈছো পথাৰৰ মাজৰ ইটাৰে গঁথা পানী যোগান ধৰা নৰ্দমবোৰ দেখিলেই মোৰ গাঁওৰ অন্তৰি মহাজন নামৰ মহান দূৰদৰ্শী কৃষকজনৰ কথা মনলৈ আহে৷ তেওঁৰ বিদেহী আত্মা যতেই আছে ভগৱানে শান্তিৰে ৰাখক ৷ মোৰ গাঁৱৰ মোৰ অখ্যাত লোক সকলে এৰিথৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ সাহস লভে তাৰেই কামনাৰে আজিলৈ সামৰিছো ৷
top of page
The website is being updated and edited. Please share comments on contact page.
bottom of page
Comments