দুঃসময়ৰ স্তৱক
- May 10, 2021
- 1 min read
সযতনে ৰাখিছিলোঁ যদিও দুৰ্দিনৰ কোলাহোলত হঠাৎ হেঁৰাই গ’ল স্নেহৰ দোলেৰে বন্ধা আপোন মানুহ বোৰ।
অস্হিত্ব নোহোৱা হ’ল জীৱন জগতৰ সময় হ’ল দুঃসময় মনৰ মাজত আবেগৰ খলকনি লগাই বিচাৰি ফুৰিছো প্ৰশান্তিৰ সেউজীয়া সুৰ আবেগৰ ধ্বজা উৰুৱাই।
অচিনাকি জনে সভ্যতাৰ মুখা পিন্ধি বাট আগচি ধৰে এন্ধাৰৰ সুযোগত। প্ৰকৃতি বোৰেই আছে মোৰ সাক্ষী।
দুহাত মেলি দিছোঁ পোহৰ বিচাৰি মোৰ হৃদয়ৰ এসাগৰ স্নিগ্ধ জোনাক আকাশৰ সীমনাত ডাৱৰে আছে ঢাকি
তথাপি নাপাও বিছাৰি স্নেহৰ দোলেৰে বন্ধা আপোনবোৰক, পাহাৰ পৰ্বত একাকাৰ কৰি ভাগৰত জুৰুলা হৈ ঘিট মিট এন্ধাৰত উৰে ৰাতি আছো অকলশৰে মোৰ চোতালত ৰৈ জীৱনৰ ছবিকে আঁকি।




Comments