top of page

তোৰ বাবে ৰৈ আছে

  • Sahitya Chorcha
  • Jan 28, 2021
  • 1 min read

ৰাতিপুৱা পৰা দুপৰীয়া বেলি ডুবাৰ লৈকে ৰৈ আছে তোৰ অপেক্ষাত! তোক চোৱাৰ হেঁপাহত নাজানো মোৰ দুচকু কিয় ইমান হেঁপাহ তোৰ বাবে তোৰ হৈ হাঁহিটো চাবৰ বাবে আজিও ৰৈ আছে তোৰ অপেক্ষাত মনটোও আজিও নামানে তোৰ যে মোৰ বাবে আজিও সময় নাই! দুদিন চিনাকি আপোন আপোন লগা সেই কথাবোৰ আজিও মনত পৰে দিনৰ পাছত ৰাতি ৰাতি পাছত দিন কিমান দিন তোৰ বাবে অপেক্ষা কৰিলোঁ শেষত দিন পাছত ৰাতি হয় থাকিল কিন্তু তোৰ আজিও খবৰ নাই তথাপিও মোৰ অপেক্ষা অন্ত নাই তোক চোৱাৰ হেঁপাহত আজিও ৰৈ আছে বকুল তলত তই এৰি থৈ যোৱা বকুল তলত তোৰ বাবে ৰৈ আছে

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page