top of page

তোমাৰ মৰমেৰে

  • Sahitya Chorcha
  • Apr 9, 2021
  • 1 min read

কাৰোবাক হৃদয়ৰ গভীৰতালৈ সোমোৱাই নল’বা৷ প্ৰাণখুলি মনৰ গোপন কথাবোৰ কেতিয়াও নাপাতিবা৷৷ দুচকুত চকু ৰাখি সেইজনৰ আগত বাকৰুদ্ধ হৈ নপৰিবা৷ আনৰ বাবে জীৱনৰ ৰংবোৰ কাহানিও আচুতীয়া কৰি নাৰাখিবা৷৷ এদিন যেতিয়া সেইজনে নিজৰ স্বাৰ্থ পূৰণ কৰি তোমাক ঠেলি পথাব৷ তুমিও নিজৰে মাজতে তেতিয়া অকলসৰীয়া আশ্ৰয়হীনা হৈ পৰিবা৷৷ সেইজনে তোমাক মাথোঁ তেওঁৰ নিসংগতা সময়তহে লগৰী কৰিছিল৷ কোনোদিনেই তোমাৰ ভালপোৱা অনুভূতিক মৰ্য্যদা দিয়া নাছিল৷৷ তুমি অসহায় হৈ পৰিবা যেতিয়া তেওঁ তোমাক নেদেখা ভাঁও জুৰিব৷ দিশহাৰা হৈ পৰিব তেতিয়া জীৱনৰ কক্ষপথ বেদনাবোৰে ইতিকিং কৰি হাঁহি ফুৰিব৷৷

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page