তোমাৰ মৰমে
- Dec 29, 2020
- 1 min read
তোমাৰ মৰমে আজি হৃদয়ৰ আভ্যন্তৰত উত্তাল তৰংগৰ সৃষ্টি কৰিছে জীৱনৰ প্ৰতি খোজে খোজে তুমি তুমি ভাৱনাই আজি চৌপাশ চানি ধৰিছে
তোমাৰ মৰমে আজি এই মনক, বাউলী কৰিলে কৃষ্ণচূড়াৰ পাহিত, সপোন ৰচি কঁহুৱাৰ কুঁহে কুঁহে ভালপোৱাৰ সুবাস সিঁচি উন্মনা প্ৰাণে আজি সৰগীয় সুখত প্ৰাপ্তিৰ নিঃশ্বাস এৰিছে
তোমাৰ মৰমে আজি ভাগৰুৱা প্ৰাণত সজীৱতাৰ পৰশ বুলালে ব্যৰ্থতাৰ এন্ধাৰে ৰাজত্ব কৰা হৃদয়ত নৱ কিৰণৰ আলোক চতিয়াই তোমাৰ মৰমে আজি এই জীৱন সাৰ্থক কৰিলে।




Comments