top of page

তোমাৰ মৰমে

  • Sahitya Chorcha
  • Dec 29, 2020
  • 1 min read

তোমাৰ মৰমে আজি হৃদয়ৰ আভ্যন্তৰত উত্তাল তৰংগৰ সৃষ্টি কৰিছে জীৱনৰ প্ৰতি খোজে খোজে তুমি তুমি ভাৱনাই আজি চৌপাশ চানি ধৰিছে

তোমাৰ মৰমে আজি এই মনক, বাউলী কৰিলে কৃষ্ণচূড়াৰ পাহিত, সপোন ৰচি কঁহুৱাৰ কুঁহে কুঁহে ভালপোৱাৰ সুবাস সিঁচি উন্মনা প্ৰাণে আজি সৰগীয় সুখত প্ৰাপ্তিৰ নিঃশ্বাস এৰিছে

তোমাৰ মৰমে আজি ভাগৰুৱা প্ৰাণত সজীৱতাৰ পৰশ বুলালে ব্যৰ্থতাৰ এন্ধাৰে ৰাজত্ব কৰা হৃদয়ত নৱ কিৰণৰ আলোক চতিয়াই তোমাৰ মৰমে আজি এই জীৱন সাৰ্থক কৰিলে।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page