top of page

তোমাৰ প্ৰেমিকা

  • Sahitya Chorcha
  • Jan 2, 2021
  • 1 min read

এবাৰ তোমাৰ গীতৰ ৰাগিনী হৈ মিলি যাব খোজোঁ তোমাৰ সুৰৰ লগত।

এবাৰ তোমাৰ কবিতাৰ ছন্দ হৈ মিলিযাব খোজোঁ বতাহৰ লগত।

এবাৰ তোমাৰ মৌন ওঁঠৰ শব্দ হৈ বিয়পি যাব খোজো তোমাৰ হৃদয়ত।

এবাৰ তোমাৰ মনত সুখ হৈ বিৰিঙি যাব খোজোঁ তোমাৰ ওঁঠত হাঁহি হৈ।

এবাৰ তোমাৰ জীৱন আশা হৈ দেখাব বিচাৰোঁ তোমাক ৰঙীল সপোন।

এবাৰ তোমাৰ বুকুৰ হেঁপাহ হৈ জিলিকি যাব খোজোঁ তোমাৰ চকুত আবেগ হৈ।

এবাৰ তোমাৰ প্ৰেমিকা হৈ মিলি যাব খোজোঁ তোমাৰ উশাহ আৰু আত্মাৰ লগত।

Comentários


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page