“জন্ম হ’লে মৃত্যু অনিবায্য” এইটো চিৰন্তন বাস্তব সত্য। তথাপিতো…… কমৰেড,কলাগুৰু,কলাবিদ দিব্যগুনেৰে বিভূষিত জনতাৰ হিয়াৰ আমঠু সংগ্ৰামী শিল্পী বিষ্ণু প্ৰসাদ ৰাভা। তোমাৰ অনুপস্থিতিয়ে কিয়? দিছে…… প্ৰতিজন অসমৰ জনতাকে ধৰি সমগ্ৰ বিশ্ববাসীৰ হৃদয়ৰ নিভৃত কোনত তোমাৰ মহাপ্ৰস্থানৰ অনুৰণন।
হে,যুগনায়ক শিল্পী জীৱন্ত কিংবদন্তিত পৰিণত হোৱা কলা-কৃষ্টিৰ প্ৰকৃত সাধক তুমি। তোমাৰ মহাপ্ৰস্থানে কিমান অকলশৰীয়া কৰি থৈ গ’লা অসমীয়াৰ কৃষ্টিৰ পথাৰখন। পূৰ্বৰ অস্তগামী সূৰুযৰ পোহৰ ম্লান হ’ল আৰু অস্তমিত সূৰুযৰ নামি অহা আন্ধাৰত আমি দিশহাৰা হৈ ৰ’লো।
হে, মহান শিল্পী তুমিতো অকল সাংস্কৃতিক জীৱনৰ ভোটাতৰাই নাছিলা তুমি আছিলা শংকৰদেৱ,লেলিন,মাস্কৰ আদৰ্শৰে অনুপ্ৰানিত হৈ দলিত,শোষিত,নিষ্পেষিত জনগনৰ উদ্ধাৰৰ হকে হাতত তুলি লৈছিলা কেতিয়াবা কলম আৰু কেতিয়াবা বন্দুক।
হে,কালজয়ী যুগদ্ৰষ্টা কেনেকৈ শব্দহীন ভাবে কেনেকৈ দৰ্শক ৰূপে নীৰবতাৰে স্তব্ধতাৰে তোমাৰ কাষত জনগনৰ কোলাহল। তুমি এবাৰলৈ হ’লেও মূৰ তুলি চোৱাচোন? জন-জীৱণৰ লগত একাত্মহৈ জনতাৰ মৰম আৰু আৰ্শীবাদেৰে শিল্পী জীৱনৰ সংঘাতময় সময়বোৰ কেনেকৈ হেলাৰঙে পাৰ কৰিছিলা সেই জনগন আজি তোমাৰ নিচেই কাষৰত।
পুনৰ জনম লৈ তুমি আকৌ আহিবা অসমবাসীৰ হিয়াৰ আমঠু হৈ। তোমাৰ গীতত ভাবৰ গভীৰতা স্বকীয়তা,স্বভিমান সদায় জিলিকি থাকিব যেতিয়ালৈকে বিশাল বৰলুইতৰ গতি নিৰবধিতাৰে প্ৰবাহমান হৈ বৈ ৰব যুগ-যুগান্তৰলৈ।
Comments