তুমি কোন??
- Sahitya Chorcha
- Dec 21, 2020
- 1 min read
তুমি আন্ধাৰৰ মাজত পোহৰ বিলাই নীৰৱে জ্বলি থকা এগছি চাকি । নে, তুমি কোনো অচিন দেশৰ পক্ষী যাৰ গানত মুগ্ধ মোৰ মন । নে , তুমি অজানিতে মোৰ মুখত বিৰিঙি যোৱা এটি মিঠা হাঁহি । নে, তুমি মোৰ হৃদয়ৰ কল্পনাত স্তব্ধ হৈ থকা মাথোঁ এটি অৰ্থহীন অনুভৱ ।
Comments