তুমি আকৌ আহিবা বন্ধু
- Dec 30, 2020
- 1 min read
মনে সজা ভঙা পজাঁৰ তলত তোমাৰ সান্নিধ্যৰ সুধাই সিচি গ’ল মোৰ হৃদয়ৰ বাকৰিত কোনেও নুশুঙা ফুলৰ সুবাস
জোনাক গলা মাধৱী নিশাৰ জুৰ মলয়া হৈ তুমি আকৌ আহিবা বন্ধু বসন্তৰ বাতৰি লৈ
অহাবেলি আকৌ সাজিম এটি মনে ভবা পঁজা তোমাৰ পদ পঙ্কজেৰে আমাৰ ভেটিটো কৰিম নিকা ।
দুখ নকৰিবা বন্ধু নাপালেও অতিথিৰ আতিথ্য হৃদয়ৰ স্নেহ ঢালি দি যাবা পদ ধূলা।




Comments