top of page

তুমি অহা বাট থৈছো ফুলেৰে সজাই

  • Sahitya Chorcha
  • Dec 22, 2020
  • 1 min read
তুমি অহা বাট মই সদায় ফুলেৰে থওঁ সজাই কেতিয়া আহিবা তুমি শিৰত সেন্দুৰ সানি সজাবলে মোৰ প্ৰেমৰ পৃথিৱী সুন্দৰ অন্তৰৰ সৌন্দৰ্য বোলাই সুৰম্য প্ৰেমৰ সুমধুৰ সুগন্ধি বিলাই ষড়ঋতুৰ আকাশত ৰক্তিম সূৰ্য্য জ্বলাই কেতিয়া তুলিবা প্ৰেমৰ ফুলেৰে ফুলাই আকুল বিয়াকুল মোৰ হিয়াখনি বসন্ত বৰ্ণিল বাস্তৱৰ বাৰিধি বোৱাই আহিবা আহিবা বুলি গভীৰতাৰে ভাৱি তুমি অহা বাট থৈছো ফুলেৰে সজাই মুৰৰ দীঘল ওৰণী খুলি হেঙুল হাইতাল হেঁপাহৰ হিমন্ত হিলাই কেতিয়া তুমি মোক প্ৰেমেৰে ল’বা সাৱতি অনাবিল অনন্ত মাদকতাৰ ঢল বাগৰাই তুমি অহা বাট ফুলেৰে সজাই অধীৰ আপেক্ষাৰে তুমি অহালৈ স্বপ্নৰ মালা গাঁঠি গাঁঠি আছো বাট চাই শৃঙ্গাৰ অলংকৃত মূৰ্চ্ছনাৰ তালত তাল ৰাখি মুগা ৰিহাৰ পাতৰ খচ্ খচনি তুলি থৌকি বাথৌ খোজেৰে লাজ সলাজ ভাৱেৰে মোৰ কাষলৈ আহিবা তুমি হালি জালি কথা ক’বা ফাগুনৰ মলয়া বতাহ বোৱাই সেই মিলন মধুৰ ক্ষণলৈ আছো বাট চাই তুমি নাহিবা বুলি মই ভাৱিবই নোৱাৰো নিদিবা বুলি নেভাবো সহাঁৰি তুমি বাৰু আহিবা কেতিয়া তোমালৈ বাট চাই চাইও মোৰ চকু নিবিষাই তুমি আহিবা আহিবা বুলিয়েই এই নদীৰ তীৰত আছো বাট চাই তুমি আহিলেই পুৰ্ণ হ’ব মোৰ জীৱন অনন্ত প্ৰেমত নিজকে দিম উটুৱাই

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page