তাগিদা-জীয়াই থকাৰ
- Sahitya Chorcha
- Jan 30, 2021
- 1 min read
হাঁহি ধেমালিৰ বজাৰখনৰ মই এতিয়া এজন অনিয়মীয়া গ্ৰাহক ৰৈ আছো জোলোঙা পাতি অকণমান আশাৰ ৰেঙণি বুটলিম বুলি কিন্তু হায়! কণা বিধাতাই লৈ গুচি গ’ল জোলোঙাখনকেই ফালি-চিৰি—— বুকুত মাথোঁ হুমুনিয়াহৰ উজান-ভাটি জীয়াই থকাৰ তাগিদাত মই পাহৰি পেলাওঁ কলিজাৰ দাগটোৰ কথা— তাগিদা মাথোঁ— জীয়াই থকাৰ এতিয়া ভগৱানলৈ এটাই প্ৰাৰ্থনা মোক আজিৰ দিনটোৰ বাবে— ভাতমুঠি দিয়া
コメント