top of page

তই কুশলে থাকিবি

  • Sahitya Chorcha
  • Jan 28, 2021
  • 1 min read

তই কুশলে আছনে? শুনিছো তোৰ পদূলিৰ আলিকেকুৰিটোত সিঁহতবোৰৰ এতিয়া সঘন পদচালন সিহঁতবোৰেতো কেৱল তোৰ জেপত থকা গৰ্ভ নিৰোধক পিলবোৰৰ প্ৰতিহে অভিজ্ঞ তোৰ হৃদয় নামৰ দলিলখনত সিহঁতৰ অট্টহাস্য তথা সস্তীয়া কোলাহলৰ স্বাক্ষৰ শুনচোন! তোৰ পাভ মাছৰ দৰে বগা পিঠিখনত বেছিকৈ ৰ’দ নলগাবিনা পাৰিলে কলিজাতো নিলামত নিদিয়াকৈ ৰাখিবি আৰু! তোৰ “আইনু” জনীক বিশ্বৰ ধনী মানুহবোৰৰ নামৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰতিযোগিতাত দৌৰাতকৈ মানুহ হোৱাৰ প্ৰতিযোগিতাত দৌৰাবলৈ শিকাবি পাৰিলে তাগিদা আৰু তাড়নাৰ শুদ্ধ ধাৰণাটো শিকাই দিবি তোক দেখিলেই মোৰ চকুযোৰে উপবাস খাটে তোৰ নাঙঠ কঁপনিটোত তোৰ স্থায়ী মৌনতাখিনিত বিশ্বাসৰ পুলি এটি ৰুবৰ মন যায় কামিহাড়ৰ ভিতৰত “পোৱালমনি” খুচৰিবৰ মন যায় তই কুশলে থাকিবি সদায়।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page