top of page

ডাক্তৰ আৰু কৰ’ণা মহামাৰী

সদায়ৰ দৰে আজিও ভাত কেইগৰা নাখে মূখে ভৰাই ডাঃ তৃষা দাসে দৌৰা দৌৰিকৈ ডিউতিলৈ লৰ মাৰিলে। ৱাৰ্ডত ঠিক পাঁচ মিনিট আগতেই গৈ পালে। যিহেতু কৰ’ণা মহামাৰীৰ আতংকময় পৰিৱশ গতিকে পি পি ই কিট পিন্ধিব লাগিব আৰু পি পি ই কিট পিন্ধা মানেই নিজৰ উশাহ নিশাহৰ ওপৰত নিয়ন্ত্ৰণ হ্ৰাস পোৱা, প্ৰস্ৰাৱ কৰিব নোৱাৰা ইত্যাদি ইত্যাদি। কোনো পিনেদি বায়ু সোমাব নোৱাৰে গতিকে ইমান গেলা গৰমটোত ঘামবোৰ ওলাই ওলাই এবাল্টিমান ঘামপানী একত্ৰিত হয় পি পি ই কিটৰ ভিতৰত। মানুহে নিজৰ চেহেৰা পাতি ধুনীয়াকৈ ৰাখিবলৈ শ- হেজাৰ টকা ক্ৰীম – মলম আদি গালত ঘঁহে আৰু কত’ যে কি নকৰে!! আকৌ নিঃস্বাৰ্থভাৱে মানৱ কল্যাণৰ খাতিৰত, মাথোঁ মানুহৰ প্ৰাণ ৰক্ষাৰ খাতিৰত ডাক্তৰ- নাৰ্চ সকলে দিনে ৰাতিয়ে মাস্ক পি পি ই কিট পিন্ধি সেই চেহেৰা ঘূনীয়া কৰিবলগীয়া হয়। ডাঃ তৃষাই ডাক্তৰ কোঠাত প্ৰৱেশ কৰি নিজৰ বস্ত্ৰ সলনি কৰি পি পি ই কিট পৰিধান কৰিলে। কোঠাৰ পৰাই তেখেতে ৰোগীৰ কাতৰৰ ক্ষীণ ধ্বনি শুনিবলৈ পাইছে যেন কৰ’ণাৰ সন্ত্ৰাসত ৰোগীয়ে ত্ৰাহি ত্ৰাহি কৰি আছে। এনেতে নাৰ্চ এগৰাকী দুৱাৰৰ আগেদি পাৰ হৈ যাওঁতে ডাঃ তৃষাই সুধিলে – “বাইদেউ আজি ৱাৰ্ড কেনেকুৱা?” নাৰ্চে উত্তৰ দিলে – “মেম আজি ৱাৰ্ড ফুল হৈ আছে। প্ৰায় চল্লিছ পঞ্চাছটামান ভৰ্ত্তি হৈছে।” ডাঃ তৃষা – “অ হয় নেকি?” বুলি পালছ অক্সিমিটাৰ আৰু স্থ্যেত’স্ক’পডাল ডিঙিত ওলোমাই ৱাৰ্ডলৈ গমণ কৰিলে। গোটেই ৱাৰ্ডখনৰ চাৰিওফালে কৰ’ণা কৱলত থকা ৰোগীৰ যন্ত্ৰণাৰ কাতৰৰ গুমগুমনি। সহকৰ্মী ডাক্তৰৰ সৈতে কথা পাতি আজিৰ পৰিস্থিতিৰ বুজ ল’লে। ডাঃ তৃষাই ৱাৰ্ডৰ নাৰ্চ এগৰাকীক কলে – “বাইদেউ ৰোগীৰ টিকেট কেইটা লৈ আহক।” নাৰ্চ গৰাকীৰ সৈতে ৱাৰ্ডৰ ৰাউণ্ড মাৰি দেখিলে যে ৱাৰ্ড কৰ’ণা ৰোগীৰে উভৈনদী হৈ আছে যে ৰোগী থবলৈ বিছনা নোহোৱা হৈছে। ইতিমধ্যে ৱাৰ্ডত ইমান ৰোগী আছে তাৰোপৰি নতুনকৈ ৰোগীও আহিছে, কত থব ৰোগীসকলক? ডাঃ তৃষাই নাৰ্চক কলে – “বাইদেউ কাষৰ ৱাৰ্ডত ৰোগী কেইজনমানক শ্বিফ্ট কৰিব লাগিব। মই টিকেটত লিখি দিছো ৰোগীসকলক অনতিপলমে লৈ যাওঁক যাতে তেওঁলোকৰ চিকিৎসাও সোনকালে হব।” নাৰ্চে কলে – “ঠিক আছে মেম।” আৰু এগৰাকী নাৰ্চ আহি কলে – “মেম ৰোগী এজনৰ অৱস্থা কাহিল হৈ পৰিছে সোনকালে বলক।” ডাঃ তৃষা দৌৰি গল ৰোগীৰ কাষলৈ। ৰোগীজনৰ বেছি বয়স হোৱা নাই, মাত্ৰ সাতাইছ বছৰ। ৰোগী এজন ডেকা ল’ৰা। ৰোগীক চোৱাচিতা কৰি নাৰ্চক কলে – “বাইদেউ এওঁক অক্সিজেন দিব লাগিব। সোনকালে ৱাৰ্ড বয়ক কৈ অক্সিজেন লগাব কওঁক।” এনেতে ৰোগীয়ে কান্দি কান্দি কবলৈ ধৰিলে – “মেম মই বাছিম নে নাই? মই ভালকৈ উশাহ লব পৰা নাই। মোক বহুত ভয় লাগিছে।” কথাষাৰ শুনি ডাঃ তৃষা দাসৰ শৰীৰ থৰ লাগি গ’ল। যেন চকুৰ আগত অন্ধকাৰে ছানি ধৰিছে। চকু জলজলীয়া হৈ পৰিল। ডাঃ তৃষাই কলে – “আপুনি চিন্তা নকৰিব আমি আছোঁ নহয়। আপুনি একেবাৰে ভয় নাখাব।” এই বুলি ৰোগীক সান্তনা দিলে। ঠিক সময়ত ৱাৰ্ড বয়ে অক্সিজেন চিলিণ্ডাৰ লৈ আহিলে। অক্সিজেন মাস্ক লগাই নাৰ্চক মনিটৰিং কৰিবলৈ কোৱা হ’ল। ডাঃ তৃষাই ওৰে জীৱনকালত কাহানিও এনেকুৱা আতংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। এনেকৈয়ে ৱাৰ্ডত বহু কেইগৰাকী ৰোগী গভীৰ শ্বাস প্ৰশ্বাসৰ কষ্টত ভুগিছে। হাওঁফাওঁৰ অক্সিজেন মাত্ৰা ক্ৰমান্বয়ে কমি আহিছে। কিছুমানক আই চি ইউ লৈ শ্বিফ্ট কৰা হৈছে আৰু ৱাৰ্ডতে ৰাখিব পৰা ৰোগীসকলক দৰৱ আৰু অক্সিজেনেৰে নিৰন্তৰ সেৱা আগবঢ়োৱা হৈছে। আকৌ বহু কেইজন ৰোগী কৰ’ণাৰ সন্ত্ৰাসৰ বলি হৈ মানসিকভাৱে দুৰ্বল হৈ পৰিছে। তেওঁলোকক সাহস যোগাবলৈ বহুকেইজন সহকৰ্মী ডাক্তৰ-নাৰ্চ সকলোৱে গীত নৃত্য আদি পৰিৱেশন কৰিছে। প্ৰত্যেক দিনাই কৰ’ণা মহামাৰীত আক্ৰান্ত হৈ ৰোগীয়ে কৰুণ মৃত্যুক সাৱটি লব লগা হৈছে। মৃত্যুৰ পিছত যাতে অন্য ব্যক্তিলৈ এই ভয়াৱহ ৰোগ সংক্ৰমণ নহওঁক সেইবাবে অন্তৰক শিলৰ দৰে কঠিন কৰি হলেও জনসাধাৰণৰ স্বাৰ্থত প্লাষ্টিকৰ বেগত মৃত দেহক ভৰাই দিয়া হৈছে। এনেকুৱা দৃশ্যই ডাঃ তৃষাৰ দেহ আত্মা কঁপাই তুলিছে। তেখেতৰ চকুৰ সন্মুখতে বহু পৰিয়ালৰ সদস্য- কাৰোবাৰ মা দেউতা, কাৰোবাৰ ভাই ভনী এজন এজনকৈ নিমিষতে জীৱনযাত্ৰা সামৰি চিৰকালৰ বাবে জগতৰ পৰা বিদায় লব লগা হৈছে। হে প্ৰভু!! এয়া আপোনাৰ কেনেকুৱা ধংসলীলা? বহু পৰিয়ালৰ জীৱনত সৰগ ভাঙি পৰাত বুকু ফাটি সপোনৰ ঘৰ খন বিচ্ছিন্ন হৈ পৰিছে। ডাঃ তৃষা নিজে এগৰাকী মাতৃ গতিকে এনে পৰিস্থিতিত ৰোগীৰ যন্ত্ৰণাৰ কাতৰে তেখেতৰ মমতাক জোঁকাৰী তুলিলে। তেখেতৰ লগতে সকলো স্বাস্থ্য কৰ্মীসকলে দিনে ৰাতিয়ে টোপনি খতি কৰি, নাখাই নবয়, পেচাব পাইখানা স্তব্ধ ৰাখি নিজৰ প্ৰাণৰ চিন্তা নকৰি এই প্ৰলয়ঙ্কাৰী কৰ’ণাৰ সময়ত ৰোগীক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে আৰু ৰোগীৰ প্ৰাণ ৰক্ষা কৰিবলৈ কৱচ ৰূপে নিজে আগত থিয় দি অৱিৰতভাৱে যুদ্ধ কৰি আছে। এতিয়া সজাগ নাগৰিক হিচাপে আমি এটা কথা উপলব্ধি কৰিবই লাগিব যে বিনাশক কৰ’ণা ৰোগ নিৰাময়ৰ বাবে এশ শতাংশ কাৰ্যকৰী কোনো ঔষধ নাই। কৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ পৰম অস্ত্ৰ হ’ল – মূখা পিন্ধা, সামাজিক দূৰত্ব বজায় ৰাখা আৰু সঘনাই চাবোনেৰে হাত ধোৱা বা হেণ্ড চেনিটাইজাৰ দি হাত বীজানুমুক্ত কৰা, লগতে চৰকাৰী নীতি-নিৰ্দেশনা সহৃদয়ে পালন কৰা। অন্যথা আমাৰ দেশ মৰিশালীলৈ ৰূপান্তৰিত হবলৈ বেছি সময় নালাগিব।

0 views0 comments

Comments


bottom of page