ড০ হিমন্ত বিশ্ব শৰ্মা
- Sahitya Chorcha
- May 23, 2021
- 1 min read
অসম মোৰ জন্ম স্বত্বৰে জননী প্ৰাণৰো প্ৰাণ এয়া মোৰ আপোন ভূমি লাচিতৰ সাহসেৰে আগুৱাই যাম জন্মদাত্ৰি মাতৃৰ সু – সন্তান “হিমন্ত বিশ্ব শৰ্মা “মই! জীৱনটোক হাতৰ মুঠিত লৈ ফুৰো পিচলৈ কেতিয়াও ঘূৰিকে নোচোৱাকৈ আহ আহ হে’ৰ মোৰ দেশৰ জণগণ উঠ উঠ হেৰ নৱ জোৱান! জাগ জাগ জাগিবৰ হ’ল; মানৱতাৰ চাকনৈ গঢ়ি অসমখন সজাবৰ হ’ল: খোজত খোঁজ মিলাই যাওঁ আহাঁ আমি শৰাইঘাটলৈ; প্ৰতিজনে পণ লওঁ আহাঁ একেলগে, অসমখনক গঢ়ো বিশ্বতে জিলিকি থকাকৈ! আজি এয়া কিহৰ জয়ধ্বনি নামঘৰ, মন্দিৰ, মছজিদ, গুৰুদ্বাৰ ত শংখ ঘণ্টাৰে একাকাৰ কৰা একতাৰ জয়বাণী! হে মোৰ আই মাতৃসকল মোৰ হৈ এগচি বন্তি জ্বলাবি, কুপদৃষ্টিবোৰৰ পৰা মোক বিৰত ৰাখিবি! হাত দুখনি মোৰ কৰ্মশিল্পত আজি বন্দী হ’ব! ভৰি দুখনি মোৰ দেশবাসীৰ মঙ্গলৰ হৈয়ে আগুৱাব! আত্মা মোৰ মাতৃভূমিৰ স্বাৰ্থত সৰ্মপিত! আগবাঢ়ি যাওঁ মই বীৰদৰ্পে; জ্যেষ্ঠ সকলৰ আশীষ শীৰত তুলিলৈ! কেতিয়াবা যদি মোৰ আত্মবিশ্বাসে দগমগাই! হে মোৰ পিতাইসকল সাহসেৰে মোক উন্নতি পথৰ বাট দেখুৱাবি! অনুজ মোৰ দেশৰ ভৱিষ্যত মানৱতাৰ পাঠ পঢ়াই পদে পদে আগুৱাই দিম তাহাঁতক জ্ঞান শিক্ষাৰে সুসজ্বিত কৰাই জননীৰ বৃহৎ স্বাৰ্থত।
Comments